Local, Vocal, Global

লণ্ডনলৈ অসমী নেমুৰ প্ৰথম টোপোলা প্ৰেৰণ

নিউজ ডেস্ক, ১৫ জুলাই : মূলতঃ ভিটামিন চি-ৰ সমৃদ্ধ উৎসৰ বাবে জনাজাত আৰু সোৱাদত অতি সতেজ অসমী নেমুৱে বিশ্ব দৰ্বাৰত স্থান পাইছে।

শুকুৰবাৰে অসমৰ বাক্সা জিলাৰ পৰা লণ্ডনলৈ নেমুৰ প্ৰথম টোপোলা প্ৰেৰণ কৰা হৈছে।

বাক্সাৰ চালবাৰীৰ পৰা উৎপাদকক কৰা ৰপ্তানি প্ৰতিশ্ৰুতিৰ অংশ হিচাপে প্ৰায় ৬০০ কিলোগ্ৰাম নেমু প্ৰেৰণ কৰা হৈছে। চালবাৰীৰ নীলাচলৰ কৃষি প্ৰযোজক কোম্পানী লিমিটেডে গ্ৰহণ কৰিছে এই পদক্ষেপ।

বাক্সাৰ পৰা গুৱাহাটীত উপস্থিত হোৱা নেমুবোৰ দিল্লীলৈ প্ৰেৰণ কৰা হ’ব য’ৰ পৰা সেইবোৰ পুনৰ পেক কৰা হ’ব আৰু লণ্ডনলৈ প্ৰেৰণ কৰা হ’ব।

অসমৰ মুখ্যমন্ত্ৰী মহন্ত বিশ্ব শৰ্মাই তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ জৰিয়তে জানিবলৈ দিয়ে এই কথা ।

মুখ্যমন্ত্ৰী শৰ্মাই লিখিছিল, “ইউকেলৈ ৰপ্তানিৰ বাবে অসম নেমুৰ প্ৰথম টোপোলা বাক্সাৰ পৰা প্ৰেৰণ কৰা হৈছে বুলি জনাবলৈ পাই সুখী। উৎপাদকৰ দ্বাৰা ৰপ্তানি প্ৰতিশ্ৰুতিৰ অংশ হিচাপে প্ৰায় ৬০০ কিলোগ্ৰাম নেমু প্ৰতি কিলোগ্ৰামত ৩০ টকাৰ হাৰত গাতি, চালবাৰীৰ পৰা পৰৱৰ্তী ২ মাহত প্ৰায় ৮০ টনৰ বাবে প্ৰেৰণ কৰা হ’ব।”