Watch | Rangia News: ৰঙিয়া মহাবিদ্যালয়লৈ যোৱা পথটি পথ নহয় যেন পুখুৰীহে
ৰঙিয়া: পথ নহয় যেন পুখুৰীহে।ৰঙিয়া মহাবিদ্যালয়লৈ যোৱা পথত প্ৰকাণ্ড গাত ।শ শ ছাত্ৰ-ছাত্ৰী বিপদজনকভাৱে দৈনিক অহা-যোৱা কৰিব লাগে এই পথটোৰে । লগতে চিকিৎসালয়লৈ অহা-যোৱা কৰা ৰোগীৰ বাবে হৈ পৰিছে নৰক যন্ত্ৰণা ।
বহু প্ৰতিবাদ হ’ল বহুবাৰ স্মাৰক পত্ৰও প্ৰদান কৰা গ’ল কিন্তু আজিলৈ সুচল নহ’ল ৰঙিয়া চহৰৰ পৰা ৰঙিয়া মহাবিদ্যালয়লৈ যোৱা পথটো। প্ৰস্তাৱিত উৰণীয়া সেঁতু নিৰ্মাণৰ গইনালৈ লোক নিৰ্মাণ বিভাগে পথটো সম্পূৰ্ণকৈ মেৰামতি নকৰাত নৰক যন্ত্ৰণাত ভুগিবলগা হৈছে ৰঙিয়া মহাবিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ লগতে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ যোৱা ৰোগীয়া ব্যক্তি সকল।
পথৰ এনে সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে কেইবাবাৰো ৰঙিয়া লোক নিৰ্মাণ পথ সংমণ্ডলৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰি পথটো মেৰামতি কৰাৰ বাবে অনুৰোধ জনাইছিল যদিও বৰ্তমানলৈ বিভাগটোৱে কোনোধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল।
জানিব পৰা মতে বিভাগীয়ভাৱে পথটো বহলীকৰণৰ ব্যৱস্থা কৰি শামুকীয়া গতিত মেৰামতিৰ কাম আৰম্ভ কৰিছে যদিও উৰণীয়া সেঁতু নিৰ্মাণৰ অজুহাত দেখুৱাই বাকী অংশৰ কাম নকৰাত পথৰ মাজতে প্ৰকাণ্ড- প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছে । আনকি পথৰ প্ৰায় ১৫ মিটাৰ অংশ বছৰটোৰ ১০ মাহে পানীত সম্পূৰ্ণ ডুবি থকাৰ ফলত বৃহৎ পুখুৰী সদৃশ পৰিবেশৰ সৃষ্টি হৈছে।এনে অৱস্থাত বিভাগীয়ভাৱে যি দায়িত্ব আছিল তেনে কোনো দায়িত্ব বিভাগটোৱে গ্ৰহণ নকৰাত ছাত্ৰ ছাত্ৰীয়ে বৰষুণ বতৰত হাতত জোতা- চেণ্ডেল লৈ পাৰ হ’ব লগাত পৰে।
এনে ক্ষেত্ৰত ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে বিভাগীয় কৰ্তৃপক্ষক পুনৰ সকীয়াই দি কয় যে যদিহে অচিৰেই পথটোৰে যাতায়ত ব্যৱস্থা সুচল কৰি নোটোলে তেতিয়া হ’লে বিভাগটোৰ কাৰ্য্যলয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰাৰ লগতে এই পথটিত প্ৰতিবাদী কাৰ্যসূচী হাতত ল’ব।গতিকে ইয়াৰ পিছতে গা লৰিবনে বিভাগীয় কতৃপক্ষৰ সময়ত ই আৰু অধিক লক্ষ্যণীয় হৈ পৰিব।