Local, Vocal, Global

WATCH | Rangia News : ৰঙিয়াত প্ৰয়াত মুক্তি যোদ্ধা সিদ্ধিনাথ শৰ্মাৰ স্মৃতিচাৰণ সভা

ৰঙিয়া,২০মে’ : ৰঙিয়াত প্ৰয়াত মুক্তি যোদ্ধা সিদ্ধিনাথ শৰ্মাৰ স্মৃতিচাৰণ সভা। ৰঙিয়াৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান সিদ্ধিনাথ বিদ্যা মন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় সভাখন ।

বিদ্যালয় খনৰ প্ৰতিষ্ঠাপক,মুক্তিযোদ্ধা,তথা ৰঙিয়াৰ সু সন্তান সিদ্ধি নাথ শৰ্মাৰ জন্ম আৰু মৃত্যু দিৱস উপলক্ষে বিদ্যালয়ৰ সভাকক্ষত আয়োজন কৰা হয় স্মৃতিচাৰণ সভা আৰু আলোচনা চক্ৰ(Rangia News)।

স্থানীয় বিধায়ক ভবেশ কলিতাই অনুষ্ঠানত উপস্থিত থাকি শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় সমল ব্যক্তিসকলৰ সৈতে প্ৰবাদ প্ৰতীম মুক্তি যোদ্ধা গৰাকীৰ সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণি সন্দৰ্ভত আলোকপাত কৰে।

ইয়াৰে পিছতে বিশেষ দিনটোৰ সৈতে সংগতি ৰাখি বিদ্যালয়ৰ নৱ নিৰ্মিত মুখ্য তোৰণৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে চাইকেল ষ্টেণ্ডৰ শুভ উদ্বোধন কৰে বিধায়ক গৰাকীয়ে।

লগতে পঢ়ক : WATCH | Sensational incident: গহপুৰত দুই প্ৰেমিক যুগলৰ আত্মহত্যা