WATCH | Rangia News : ৰূপহী ৰঙিয়া আৰু সাৰথি শান্তি নিৱাসৰ যৌথ উদ্যোগত “ৰূপহী ৰঙিয়া”ৰ ষষ্ঠ বাৰ্ষিক বহাগী উৎসৱ উদযাপন
ৰঙিয়া,১৬এপ্ৰিল : ৰঙিয়া জয়ন্তীপুৰত ৰূপহী ৰঙিয়া আৰু সাৰথি শান্তি নিৱাসৰ যৌথ উদ্যোগত “ৰূপহী ৰঙিয়া”ৰ ষষ্ঠ বাৰ্ষিক বহাগী উৎসৱ উদযাপন। অনুষ্ঠানৰ আৰম্ভণিতে বিভিন্ন খেল ধেমালি অনুষ্ঠিত হোৱাৰ লগতে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে শাহুমাক বোৱাৰীৰ সেৱা প্ৰতিযোগিতা(Rangia News)।
আনহাতে বহাগী উৎসৱৰ মঞ্চ উদ্ধোধন কৰে অসম উদ্যোগিক উন্নয়ন নিগমৰ সঞ্চালক প্ৰধান অমিত বৰুৱাই।অমিত বৰুৱা উপস্থিত হৈ অসমৰ বাপতি সাহোন ৰঙালী বিহু সন্দৰ্ভত বিভিন্ন যোগাত্মক মন্তব্য আগবঢ়াই অনুষ্ঠানৰ জৰিয়তে।
এই ফালে প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত বটা বিতৰক হিচাপে উপস্থিত থাকে ৰঙিয়া সীতাৰা নিবাসী বিশিষ্ট সমাজ সেৱিকা ৰাণু কলিতা।
উল্লেখযোগ্য যে, ৰূপহী ৰঙিয়া নামৰ এই গ্ৰুপটিয়ে ৰঙিয়াৰ বিভিন্ন অঞ্চলত এনেধৰণৰ কাৰ্য্যসূচী ৰূপায়ন কৰি আহিছে লগতে বিভিন্ন সামাজিক কামত জড়িত হৈ আহিছে তেওঁলোক।
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : ৱাকফৰ বিৰোধিতাৰে ৰাজপথত প্ৰতিবাদ,আন্দোলন কৰিব নোৱাৰিব আমছুৱে’- মুখ্যমন্ত্ৰী