Local, Vocal, Global

ৰানোজ পেগুৰ সংবাদমেল

নিউজ ডেস্ক, ২৭ জুন : অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে সোমবাৰে ঘোষণা কৰে যে আজি ষোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলেও স্কুটি লাভ কৰিব।

শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগতে ঘোষণা কৰিছিল যে HSLC আৰু HSত প্ৰথম বিভাগ লাভ কৰা শিক্ষাৰ্থীসকলক স্কুটি দিয়া হ’ব। বাজেটৰ কথা মনত ৰাখি Cut OFF নম্বৰৰ ওপৰত ভিত্তি কৰি স্কুটী প্ৰদান কৰা হ’ব,” ।

তেওঁ কয় যে যোৱা বছৰো এক নিৰ্দিষ্ট Cut OFF নম্বৰৰ ওপৰত আধাৰিত কৰি শিক্ষাৰ্থীসকলক স্কুটি প্ৰদান কৰা হৈছিল আৰু এই বছৰো একেদৰেই প্ৰদান কৰা হ’ব।

তেখেতে আৰু কয় যে প্ৰথম বিভাগত উত্তীৰ্ণসকলৰ ক্ষেত্ৰত, মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল’ব যে Anundoram Borooah বঁটা কেনেদৰে অব্যাহত ৰাখিব পাৰি।