Local, Vocal, Global

বিজ্ঞান বা বাণিজ্য অধ্যয়ন কৰিবলৈ আহ্বান শিক্ষামন্ত্ৰীৰ

নিউজ ডেস্ক, ২৭ জুন : অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৰ HSLC উত্তীৰ্ণ শিক্ষাৰ্থীসকললৈ বিজ্ঞান বা বাণিজ্য অধ্যয়ন কৰিবলৈ আহ্বান । গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে কয়, “মই HSLC উত্তীৰ্ণ শিক্ষাৰ্থীসকলক বিজ্ঞান বা বাণিজ্য অধ্যয়ন কৰিবলৈ অনুৰোধ জনাইছো কিয়নো ই সহজে চাকৰি পোৱাত সহায় কৰে।”

তেওঁ আৰু কৈছিল যে আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত তেওঁ সুখী।

তেওঁ লগতে কয় যে “এই বছৰৰ ফলাফল এটা দশকত সৰ্বশ্ৰেষ্ঠ। এই বছৰ উত্তীৰ্ণৰ শতাংশ সৰ্বাধিক আৰু এইটো কেৱল দশম শ্ৰেণীত অনুষ্ঠিত Screeningৰ বাবেহে সম্ভৱ হৈছে,”।

পেগুৱে আৰু কৈছিল যে বাণিজ্য আৰু বিজ্ঞান শাখাত অৱতীৰ্ণ শিক্ষাৰ্থী বহুত কম কিন্তু বেছিভাগ শিক্ষাৰ্থীয়ে প্ৰথম আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে।

পেগুৱে আৰু জনাইছিল যে ৰাজ্যখনত বিজ্ঞান শাখাত ১.১২ লাখ আসন আছে। তেওঁ কয়, “PG শিক্ষকসকলৰ খালী পদ পূৰণৰ প্ৰক্ৰিয়া চলি আছে আৰু IITৰ অধ্যাপকসকলে বিজ্ঞান শিক্ষকসকলক প্ৰশিক্ষণ দিব।”