Local, Vocal, Global

কলগাছিয়াৰ ৰূপসী উন্নয়ণ খণ্ডত ব্যাপক দুৰ্নীতি

ডিজিটেল ডেস্ক: কলগাছিয়াৰ ৰূপসী উন্নয়ণ খণ্ডৰ চৌহদত থকা লক্ষাধিক টকা মূল্যৰ ৯ টাকৈ চেগুণ গছ নিশাৰ অন্ধকাৰত খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰী আৰু ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইনে মিলি বিক্ৰী কৰা ঘটনাই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আজি কলগাছিয়া অঞ্চলৰ স্থানীয় ৰাইজে ৰূপসী উন্নয়ন খণ্ডৰ সন্মুখত উপস্থিত হৈ দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে, ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছাইন আৰু খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীয়ে মিলি গছ সমূহ বিক্ৰী কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। লগতে ২০ ৰ পৰা ৫০ হাজাৰ কৈ টকাৰ বিনিময়ত উন্নয়ন খণ্ডৰ চাৰিওফালে থকা মাটিত দোকানৰ আকাৰ বঢ়াবলৈ অনুমতি দিয়াত ক্ষুদ্ধ হৈ পৰিছে ৰাইজে।

কিছুদিন পূৰ্বেও এনে অনুৰূপ ঘটনা সংঘটিত কৰিছিল খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীয়ে। কাকো কেৰেপ নকৰা খণ্ড উন্নয়ন বিষয়াই টকাৰ সন্মুখত ইমানেই দূৰ্বল যে চকুৰ পলকতে চৰকাৰী সা-সম্পত্তি বিক্ৰী কৰি দিব পাৰে।

বিভিন্ন সময়ত জাকিৰ হুছেইনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈয়ে থাকে যদিও সেইবোৰলৈ কেৰেপ নকৰে ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছাইনে। ইয়াৰ পূৰ্বে যেতিয়া মন্দিয়া উন্নয়ন খণ্ডৰ দায়িত্বত আছিল তেতিয়া বিভিন্ন দুৰ্নীতি কৰা সন্দৰ্ভত এইগৰাকী নৱৰত্ন পাটোৱাৰী নিলম্বন হৈছিল।

ফলত আজি নৱৰত্ন পাটোৱাৰী মুৰ্দাবাদ, দুৰ্নীতি বন্ধ কৰক, নৱৰত্ন পাটোৱাৰীক গ্ৰেপ্তাৰ কৰক আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে। লগতে অতিশীঘ্ৰে এই দুৰ্নীতিৰ তদন্ত হব লাগে আনকি খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰী আৰু ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিবলৈ দাবী জনায়।