Local, Vocal, Global

ধুবুৰী জিলাৰ সমাজকল্যাণ বিষয়া সূৰ্য বৰুৱাৰ বিৰুদ্ধে অভিযোগ

ডিজিটেল ডেস্ক : ধুবুৰী জিলাৰ সমাজকল্যাণ বিষয়া সূৰ্য বৰুৱাৰ বিৰুদ্ধে অভিযোগ। চিকিৎসকক ভাবুকি, অশ্লীল ভাষাৰে গালি-গালাজ কৰাৰো অভিযোগ বিষয়া সূৰ্য বৰুৱাৰ বিৰুদ্ধে। সমগ্ৰ ঘটনা বন্দী হৈ ৰয় চিচি টিভি কেমেৰাত। ২৮ মাৰ্চত নিশা ৯মান বজাত ধুবুৰী জিলা সমাজ কল্যাণ বিষয়াগৰাকীৰ ভাড়াঘৰত উপস্থিত হৈ অশ্লীল ভাষাৰে গালি-গালাজ কৰি প্ৰাণে মৰাৰ ভাবুকিৰো অভিযোগ। ধুবুৰী জিলা সমাজ কল্যাণ বিভাগৰ ধৰ্মশালাত গৌৰীপুৰ ICDS প্ৰকল্পত মুখ্য সেৱিকা হিচাপে নিযুক্তিপ্ৰাপ্ত ৰজিফা পাৰবিন চুলতানাই আয়ুষ্মান ভাৰত আঁচনিৰ কামত বিগত প্ৰায় ১৮ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈকে অনুমতি অবিহনে অনুপস্থিত হৈ আছিল।

সেইমৰ্মে ধুবুৰী জিলা অতিৰিক্ত উপায়ুক্ত নৃত্যা বিনোদ ৱাৰীয়ে মুখ্য সেৱিকা ৰজিফা পাৰবিন চুলতানাক কৈফিয়ত তলব কৰি জাননী প্ৰেৰণ কৰিছিল৷ এই কৈফিৎ তলব বা জাননী পত্ৰ পোৱাৰ পিছতেই মুখ্য সেৱিকা ৰজিফা পাৰবিন চুলতানাৰ স্বামী ড০ হুছেইন ৰেজোউল কৰিমে নিশা উপস্থিত হৈছিল জিলা সমাজ কল্যাণ বিষয়া সৃৰ্য্য বৰুৱাৰ ভড়াঘৰত।

ভাড়াঘৰত উপস্থিত হৈ ভাবুকি প্ৰদান কৰাৰ দৃশ্য বন্দী হ’ল চিচি টিভিত। জিলা সমাজ কল্যাণ বিষয়া সূৰ্য্য বৰুৱাই ঘটনা সন্দৰ্ভত ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে এক চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰক্ষীৰ ভূমিকাতো ক্ষোভ একাংশৰ। সচেতন মহলে বিচাৰে দোষীয়ে উপযুক্ত শাস্তি পাওক।