Local, Vocal, Global

কনডম পৰীক্ষা কৰিব জনপ্ৰিয় অভিনেত্ৰী ৰাকুলপ্রীতে

কিছুদিন পূর্বেই কনডম পৰীক্ষা কৰা চৰিত্ৰত অভিনয় কৰিবলৈ অসন্মতি জনাইছিল ছাৰা আলী খান আৰু অনন্যা পাণ্ডেই ।এইবাৰ সেই চৰিত্ৰত অভিনয় কৰিব জনপ্ৰিয় অভিনেত্ৰী ৰাকুলপ্রীতে । সম্পূর্ণ এক অগতানুগতিক চৰিত্ৰত অভিনয় কৰিব নতুন প্রজন্মৰ সুন্দৰী অভিনেত্রী ৰাকুলপ্রীতে । এই অগতানুগতিক চৰিত্ৰটো হৈছে  কনডম কোম্পানীৰ উৎপাদিত কনডমৰ গুণগত মান পৰীক্ষা কৰা। ৰণী স্ক্ৰুৱালাই প্রযােজনা কৰা আৰু তেজছ দেওস্কৰে পৰিচালনা কৰা ছবিখনৰ নাম এতিয়াও ঠিক হােৱা নাই।ৰাকুলপ্রীতৰ চৰিত্ৰটো এটা কোম্পানীৰ কৰ্মচাৰী।তেওঁৰ কামটো হ’ব বিভিন্ন গর্ভনিৰােধকৰ মান পৰীক্ষা কৰা।এই ধৰণৰ অগতানুগতিক সাহসী চৰিত্ৰত অভিনয়ৰ সুযােগ পাই পুলকিত হৈ পৰিছে বলিউদৰ নায়িকাগৰাকী।কুলপ্রীতে কয়, ‘এনে চৰিত্ৰ মােৰ বাবে একেবাৰে নতুন আৰু মই অভিনয়ৰ বাবে উদ্বাউল হৈ আছাে।এনে ধৰণৰ এটা চৰিত্ৰৰে মই অভিনয়ৰাে পৰীক্ষা-নিৰীক্ষা কৰিব পাৰিম।