Rajouri car Accident: জম্মু-কাশ্মীৰৰ ৰাজৌৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
নেশ্যনেল ডেস্ক, ৫জুলাই : বুধবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰীত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা (Road accident) । বুধবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰৰ ৰাজৌৰীত এখন ই’ক বাহন দুৰ্ঘটনাত পতিত হয়। ফলত চাৰিজন লোক নিহত হোৱাৰ লগতে ৯জনকৈ লোক আহত হয়(4 Killed 9 Injured As Vehicle Falls Into Gorge In Jammu And Kashmirs Rajouri) ।
উল্লেখ্য যে,বুধবাৰে পুৱতি নিশা প্ৰায় ২মান বজাত দেহৰা গালিৰ পৰা ভাংগাইলৈ যোৱা অৱস্থাত ৰাইনা মহল্লাৰ ওচৰত এই শোকাৱহ ঘটনাটো সংঘটিত হয়(car Accident) । দুৰ্ঘটনাৰটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় লোকৰ সহযোগত আহত লোক সকলক উদ্ধাৰ কৰে আৰু স্থানীয় লোকৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ কৰে (Rajouri car Accident)।
এই ঘটনাত তিনিজন লোক থিতাতে নিহত হোৱাৰ লগতে চালকজনক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় ।আহতসকলক স্থানীয় চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদানৰ পাছত গুৰুতৰভাৱে আহত লোকসকলক উন্নত চিকিৎসাৰ বাবে ৰাজৌৰীৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷
জানিব পৰা মতে, আহতলোকসকল তিনিজনৰ অৱস্থা অতি সংকটজনক । আনহাতে নিহত লোককেইজনক সম্প্ৰতি ৰাজৌৰীৰ চিকিৎসা মহাবিদ্যালয়ত ৰখা হৈছে ৷ তেওঁলোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃতদেহ ঘৰলৈ দিয়া হ’ব ।
প্ৰাপ্ত তথ্য অনুসৰি, মৃত লোককেইজন ভাংগাই আঞ্চলৰ বাসিন্দা ক্ৰমে মুহাম্মাদ আজমৰ পত্নী জৰিনা বেগম (৩৮ বছৰ), মুনিৰ হুছেইনৰ পত্নী ছামিম বেগম (৫৫ বছৰ), পাৰভেজ আহমেদৰ পত্নী ৰুবিনা বেগম (৩৫ বছৰ), মহম্মদ ছাদিকৰ পুত্ৰ মুহাম্মাদ ইউনুছ (২২ বছৰ) বুলি চিনাক্ত কৰা হৈছে ৷
লগতে পঢ়ক : SCERT Scam : SCERT কেলেংকাৰিৰ ছয় অভিযুক্তৰ জামিন আবেদন অস্বীকাৰ কৰিলে আদালতে