Local, Vocal, Global

Rain, hailstorm wreak havoc : চাৰিমহীয়া সন্তানক লগত লৈ শুই থকাৰ সময়তে প্ৰকাণ্ড গছ উভালি পৰি মৃত্যু মহিলাৰ

নিউজ ডেস্ক, ১এপ্ৰিল : ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰদৈচিলাৰ কালৰূপ। উজনি-নামনিৰ পৰা ৰাজ্যৰ ভিন্নপ্ৰান্তত ধুমুহাই দেওবাৰে ধাৰণ কৰিলে কালৰূপ। শদিয়াৰ পৰা ধুবুৰীলৈ ধুমুহাত বিস্তৰ ক্ষতিসাধন। ধুমুহাৰ ফলত ৰাজ্যৰ ভিন্ন স্থানত বৃহৎ ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে ৷ ধুমুহাৰ ফলত গুৱাহাটীৰ সমীপৱৰ্তী গড়ভাঙা বনাঞ্চলত হাহাকাৰ পৰিস্থিতি । প্ৰৱল ধুমুহা-বৰষুণৰ ফলত ঘন বনাঞ্চলখনত আবদ্ধ প্ৰায় শ শ লোক ।

দেওবাৰে অহা প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল এগৰাকী মাতৃৰ । চাৰিমহীয়া সন্তানক লগত লৈ শুই থকাৰ সময়তে ঘৰত ওপৰত প্ৰকাণ্ড গছ উভালি পৰি মৃত্যু মহিলাৰ। কথমপি প্ৰাণ ৰক্ষা পৰে চাৰিমহীয়া সন্তানটিৰ । মৃত মহিলাগৰাকীৰ নাম শাখি বেগম লস্কৰ বুলি জানিব পৰা গৈছে(Rain, hailstorm wreak havoc) ৷

কাছাৰৰ ধলাই ৰাজঘাটত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ৷

জানিব পৰা মতে, নিশা ৰমজান মাহৰ তাৰাবীৰ নামাজ সমাপ্ত কৰি শাখি বেগম নামৰ মহিলাগৰাকীয়ে তেওঁৰ চাৰিমহীয়া শিশু সন্তানটিক লগত লৈ ঘৰত শুই আছিল । উক্ত সময়ত ঘৰত আছিল স্বামীসহ ঘৰৰ আন পাঁচগৰাকী সদস্য । নিশা হঠাৎ অহা প্ৰচণ্ড ধুমুহাৰ ফলত ঘৰৰ কাষতে থকা এজোপা প্ৰকাণ্ড গছ ঘৰৰ ওপৰত উভালি পৰে ।

মহিলাগৰাকীৰ ওপৰত গছ পৰা বুলি অৱগত হোৱাৰ পাছত শাখিৰ স্বামীয়ে উদ্ধাৰ কৰিবলৈ চেষ্টা চলায় যদিও সফল নহয় আৰু থিতাতে শাখি বেগম নামৰ ৩৫ বছৰীয়া মহিলাগৰাকীৰ মৃত্যু ঘটে বুলি জনায় স্বামীয়ে । ইপিনে, ভয়ংকৰ এই ঘটনাত মহিলাগৰাকীৰ কাষতে থকা তেওঁৰ চাৰিমহীয়া সন্তানসহ পৰিয়ালৰ আন সদস্যসকলৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷

লগতে পঢ়ক :Assam CM kicks off poll campaign in Majuli through mega cycle rally : মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাইকেল ৰেলী