Local, Vocal, Global

জনসাধাৰণৰ জীৱনক লৈ হেঁতালি ৰে’লৱে বিভাগৰ
উন্মুক্ত ৰে’ল ক্ৰচিংৰ বাবে পুনৰ প্ৰাণ গ’ল এজনৰ

নিউজ ডেস্ক, ১০ জুন: BTRৰ গোসাইগাঁৱৰ টকেয়ামাৰীত আজি ৰাতিপুৱা ৰে’লৰ খুন্দাত মৃত্যু হয় টকেয়ামাৰীৰ প্ৰদীপ ৰাজভৰ (৩৫) ।

স্থানীয় ৰাইজে জনোৱা অনুসৰি প্ৰদীপ ৰাজভৰে ৰে’ল লাইন পাৰ হোৱাৰ সময়তে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।

উল্লেখ্য যে স্থানীয় ৰাইজে জনোৱা অনুসৰি দুৰ্ঘটনা সংঘটিত হোৱা স্থানত পূৰ্বতে এটা ৰে’ল গেটৰ ব্যৱস্থা আছিল যদিও পৰৱৰ্তীসময়ত গেট উঠাই দিয়াৰ বাবে বিপদসংকুলভাৱে ৰেইল লাইনৰ ওপৰেদিয়ে লোকসকলে যাতায়াত কৰি থাকিবলগীয়া হৈছে।

তেওঁলোকে আৰু কয় যে ৰে’ল গেট নোহোৱাৰ বাবে সেই স্থানত পূৰ্বেও বহু লোকে ৰে’লৰ খুন্দাত মৃত্যুক আঁকোৱালি লৈছে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কিছু সময় পিছত ঘটলাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।