Local, Vocal, Global

Rahul Gandhi Manipur visit : বিজেপিৰ মতে, ৰাহুলৰ মণিপুৰ ভ্ৰমণ শান্তিৰ বাবে নহয়, ৰাজনৈতিক সুবিধাবাদৰ বাবেহে এই ভ্ৰমণ

নেশ্যনেল ডেস্ক , ২৯ জুন : ভাৰতীয় জনতা পাৰ্টিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্য(BJP IT Cell chief Amit Malviya)ই ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণ ওপৰত পুনৰ কৰিছে সমালোচনা । হিংসাত্মক পৰিস্থিতিৰে আক্ৰান্ত মণিপুৰ ভ্ৰমণৰ বাবে যোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই অমিত মালবিয়াই কয় যে তেওঁ মাত্ৰ এজন ৰাজনৈতিক সুবিধাবাদী (Rahul Gandhi just a political opportunist) ।

২৯ আৰু ৩০ জুনৰ মণিপুৰ ভ্ৰমণৰ দুদিনীয়া কাৰ্যসূচীৰ এই সময়ছোৱাত কংগ্ৰেছ নেতাগৰাকীয়ে একাংশ সাহায্য শিবিৰ পৰিদৰ্শন কৰাৰ লগতে ইম্ফল আৰু চুৰাচান্দপুৰৰ নাগৰিক সমাজৰ প্ৰতিনিধিৰ সৈতেও মত বিনিময় কৰিব (Rahul Gandhi Manipur visit)।

বিজেপিৰ আই টি চেলৰ মুৰব্বীগৰাকীয়ে টুইটযোগে কয় যে ৰাহুল গান্ধী “শান্তিৰ কোনো মচীহা নহয়, মাত্ৰ এজন ৰাজনৈতিক সুবিধাবাদী, যিয়ে সদায় পাত্ৰটো উতলি থকাটোহে বিচাৰে”।

মালব্যই কয় যে, পূৰ্বৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী অ’ক্ৰাম ইববি সিং চৰকাৰে তিনিখন বিধেয়ক গৃহীত কৰাৰ সিদ্ধান্তৰ পিছত জাতিগত হিংসাৰ বলি হোৱা লোকসকলক সাক্ষাৎ কৰিবলৈ ২০১৫-১৭ বৰ্ষৰ সময়চোৱাত এবাৰো কংগ্ৰেছ নেতাগৰাকীয়ে মণিপুৰৰ চুৰাচান্দপুৰ ভ্ৰমণ কৰা নাছিল (Congress CM Okram Ibobi Singh Govt) ।

মালব্যই তেওঁৰ টুইটত উল্লেখ কৰে যে, “পূৰ্বৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী অ’ক্ৰাম ইববি সিং চৰকাৰে তিনিখন বিধেয়ক ক্ৰমে মণিপুৰৰ সুৰক্ষা বিধেয়ক ২০১৫, মণিপুৰ ভূমি ৰাজহ আৰু ভূমি সংস্কাৰ (সপ্তম সংশোধনী) বিধেয়ক ২০১৫ আৰু মণিপুৰ দোকান আৰু প্ৰতিষ্ঠান (দ্বিতীয় সংশোধনী) বিধেয়ক ২০১৫ গৃহীত কৰাৰ সিদ্ধান্তৰ পিছত ৰাজ্যখনত জাতিগত হিংসা তীব্ৰতৰ হৈ পৰিছিল । এই বিধেয়ককেইখনক চুৰাচান্দপুৰ জিলাৰ পাইটে আৰু কুকি জনগাঠনিৰে গঠিত জনসাধাৰণে ‘জনজাতি বিৰোধী’ বুলি গণ্য কৰিছিল আৰু জনজাতিৰ মাটি দখল কৰাৰ বাবে সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ৰ এক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছিল । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ২০১৫ৰ পৰা ১৭ চনৰ এই সময়চোৱাত জাতিগত হিংসাৰ বলি হোৱা লোকসকলক সাক্ষাৎ কৰিবলৈ এবাৰো কিন্তু মণিপুৰৰ চুৰাচান্দপুৰ ভ্ৰমণ কৰা নাছিল ।”

সেই সময়ত নজন যুৱকক গুলীয়াই হত্যা কৰা হৈছিল আৰু প্ৰতিবাদকাৰী সম্প্ৰদায়সমূহে তেওঁলোকক দুবছৰ ধৰি অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ অস্বীকাৰ কৰিছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণ জনসাধাৰণৰ চিন্তাৰ বাবে নহয়, নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে এই সুবিধা গ্ৰহণ কৰিছে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও মালব্যই ৰাহুল গান্ধীক সমালোচনা কৰি নিজৰ এটা টুইটত উল্লেখ কৰিছিল যে, ৰাহুল গান্ধী বিপজ্জনক আৰু অধিক বিপজ্জনক হ’ল তেওঁৰ ৰছীডাল টানি থকা লোকসকল।

লগতে পঢ়ক : Rahul Gandhi Visit in Manipur : ইম্ফলৰ পৰা ২০ কিলোমিটাৰ আঁতৰতে আৰক্ষীয়ে ৰখাই দিলে ৰাহুল গান্ধীৰ কনভয়