Local, Vocal, Global

Rahul Gandhi disqualification :প্ৰত্যাহাৰ হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ নিৰ্দেশনা

নেশ্যনেল ডেস্ক, ৭ আগষ্ট : পুনৰ সাংসদ পদ ঘুৰাই পালে ৰাহুল গান্ধীয়ে(Rahul Gandhi disqualification)। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীৰ মানহানি গোচৰ সন্দৰ্ভত গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়ত শাস্তি স্থগিত ৰাখিছিল । ইয়াৰ ৪৮ ঘণ্টাৰ পাছত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুলক পুনৰ সাংসদ পদ ঘুৰাই দিলে । লোকসভাৰ সদস্য হিচাপে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অযোগ্য ঘোষণা বাতিলৰ অধিসূচনা জাৰি কৰে লোকসভা সচিবালয়ে ।

সোমবাৰে পুৱা অধ্যক্ষ সচিবালয়ৰ পৰা এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰা হৈছে । এতিয়া মঙলবাৰে সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিৰেধীয়ে অনা অনাস্থা প্ৰস্তাৱৰ কাৰ্যসূচীত যোগদান কৰিবলৈ সক্ষম হ’ব ৰাহুল গান্ধীয়ে । এই সংক্ৰান্তীয় বিতৰ্কত ৰাহুলেও যোগদান কৰিব পাৰিব।

এই ৰায়ৰ পাছতে এতিয়া ৰাহুল গান্ধীয়ে সদনৰ আলোচনাত অংশগ্ৰহণ কৰিব পাৰিব। লগতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব ২০২৪ চনৰ লোকসভা নিৰ্বাচনত। এয়া ৰাহুল গান্ধীৰ বাবে এক বৃহৎ জয় বুলি কব পাৰি।

উল্লেখ্য ২০১৯ চনৰ ২৩ মাৰ্চত লোকসভা নিৰ্বাচনৰ বাবে কৰ্ণাটকত প্ৰচাৰ চলোৱাৰ সময়ত মোডীৰ উপাধিৰ ওপৰত মন্তব্য কৰাৰ বাবে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল চুৰাটৰ দণ্ডাধীশ আদালতে। অৱশ্যে শীৰ্ষ আদালতে উক্ত ৰায়ত স্থগিতাদেশ জাৰি কৰি লোকসভাৰ সাংসদগৰাকীৰ সদনলৈ যোৱাৰ পথ পুনৰ প্ৰশস্ত কৰে ।

জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা ৮(১) অনুসৰি কোনো অপৰাধত দোষী সাব্যস্ত হৈ দুবছৰ বা তাতকৈ অধিক কাৰাদণ্ডৰ শাস্তি পালে সাংসদ বা বিধায়কে ততাতৈয়াকৈ পদ খালী কৰিব লাগে। সেই কাৰ্যকালৰ বাবে ৰাহুলক শাস্তি দিয়াৰ ফলত কেৱল সাংসদ পদ হেৰুৱাই নহয়, ছবছৰৰ বাবে ৰাহুলৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাটোৰুদ্ধ হৈ পৰিছিল।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশে ২০২৪ চনত ৰাহুলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পথো মুকলি কৰি দিছে। কাৰণ জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা ৮(৩) অনুসৰি শাস্তিৰ ম্যাদ দুবছৰতকৈ এদিন কম হ’লেও দোষী প্ৰতিনিধিৰ পদ খাৰিজ কৰা নহ’ব।

লগতে পঢ়ক : Modi surname case: ৰাহুল গান্ধীৰ ২ বছৰৰ কাৰাদণ্ডৰ স্থগিতাদেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে