Local, Vocal, Global

Raha youth missing : ৩ এপ্ৰিলৰ পৰা নিৰুদ্দেশ ৰহাৰ ৰহাগাঁৱৰ মৃন্ময় দাস

নিউজ ডেস্ক, ১৭ এপ্ৰিল : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য(Raha youth missing)।

ৰহাৰ যুৱক সন্ধানহীন। ৰহাৰ ৰহাগাঁৱৰ পৰা নিৰুদ্দেশ হৈছে এজন যুৱক । চলিত বৰ্ষৰ ৩ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ আছে যুৱকজন । জানিব পৰা মতে, নিৰুদ্দেশ হোৱা যুৱকজনৰ নাম মৃন্ময় দাস ।

৩ এপ্ৰিলত ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন আৰু ওলাই যোৱাৰে পৰা সন্ধানহীন হৈ আছে যুৱকজন। ঘটনা সন্দৰ্ভত ৰহা থানাত এজাহাৰ দাখিল কৰিছে যুৱকজনৰ পিতৃয়ে।

কোনো লোকে যুৱকজনৰ সন্ধান পালে 69014-69015 নম্বৰত যোগাযোগৰ আহ্বান জনাই পৰিয়ালৰ লোকে।

লগতে পঢ়ক : PM Narendra Modi to campaign in Assam : আজি নলবাৰীলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী