Local, Vocal, Global

ইণ্ডোনেছিয়া মাষ্টাৰ্ছ ২০২১ৰ ছেমি ফাইনেলত উপনীত পিভি সিন্ধু

পি ভি সিন্ধুৱে শুকুৰবাৰে হংকঙৰ নেছলিহান য়িগিটৰ বিৰুদ্ধে ব্যাপক বিজয়েৰে ইণ্ডোনেছিয়া মাষ্টাৰ্ছ ২০২১ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। সিন্ধুৱে মাত্ৰ ৩৫ মিনিটত তেওঁৰ প্ৰতিদ্বন্দী নেছলিহান য়িগিটক ২১-১৩, ২১-১০ ত পৰাস্ত কৰি অন্তিম চাৰিখনত উপনীত হয় ।

ছেমি ফাইনেলত সিন্ধুৱে কঠিন মেচ-আপৰ বাবে অপেক্ষা কৰি আছে কিয়নো তেওঁ কোৱাৰ্টাৰ ফাইনেলৰ বিজয়ী, প্ৰথম শ্ৰেণীৰ জাপানৰ আকানে য়ামাগুচি বা থাইলেণ্ডৰ পঞ্চম শ্ৰেণীৰ পৰ্ণপাৱি চোচুৱঙৰ সৈতে মুখামুখি হ’ব।