Local, Vocal, Global

পুঠিমাৰী মহাবিদ্যালয়ত অনলাইন শৈক্ষিক আলোচনা চক্ৰ

সমগ্ৰ দেশজুৰি কৰ’না বিভীষিকাই প্ৰচলিত শিক্ষা ব্যৱস্থাটোক ব্যাহত কৰাৰ বিপৰীতে অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ উদ্যোগত ৰাজ্যজুৰি আৰম্ভ কৰা হৈছে অনলাইন শিক্ষাৰ সজাগতা তথা প্ৰশিক্ষণ অভিযান৷ সংস্থাৰ সাধাৰণ সম্পাদক তথা কে চি দাস কমাৰ্চ কলেজৰ গ্ৰন্থাগাৰিক ড০ প্ৰশান্ত কুমাৰ ডেকাৰ তত্বাৱধানত অসমৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্র-ছাত্ৰী তথা উচ্চ শিক্ষাৰ সৈতে জড়িত ব্যক্তিসকলৰ মাজত সংস্থাই স্বেচ্ছামূলক বিনামূলীয়া অনলাইন প্ৰশিক্ষণ প্ৰণালীত ডিজিটেল প’ৰ্টেলৰ উপকাৰিতা তথা ব্যৱহাৰৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিদিনে ৩-৪খন মহাবিদ্যালয়ক সাঙুৰি অনুষ্ঠিত কৰা এনেধৰণৰ প্ৰশিক্ষণ ব্যৱস্থাৰ জৰিয়তে শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকল বিশেষভাৱে উপকৃত হোৱা পৰিলক্ষিত হৈছে৷ এনেকুৱা এক পদক্ষেপৰ অংশ হিচাপে বুধবাৰে তিনিখন আগশাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান ক্ৰমে পুঠিমাৰী মহাবিদ্যালয়, ওদালগুৰি মহাবিদ্যালয় আৰু টংলা মহাবিদ্যালয়ত এশৰো অধিক শিক্ষক-শিক্ষয়িত্ৰী, ছাত্র-ছাত্রীৰ লগতে বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ তথা গ্ৰন্থাগাৰিকে অংশগ্ৰহণ কৰে৷ অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ প্ৰযুক্তি শাখাৰ সমন্বয়ক তথা কলিয়াবৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড০ বীৰেন্দৰ পালে আঁত ধৰা উক্ত সজাগতা তথা প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ বিজ্ঞানৰ মুৰব্বী অধ্যাপক ড০ সঞ্জয় কুমাৰ সিং, অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ ডঃ প্ৰশান্ত কুমাৰ ডেকা আৰু ড০ বীৰেন্দৰ পালে আনুষংগিক বিষয়বস্তুৰ ওপৰত বিস্তৃত ব্যাখ্যা দাঙি ধৰে৷ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা পুঠিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নিত্যানন্দ কলিতাই ।  এনেধৰণৰ প্ৰশিক্ষণৰ জৰিয়তে শিক্ষাৰ্থীসমাজ উপকৃত হ’ব বুলি মন্তব্য আগবঢ়ায় পুঠিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নিত্যানন্দ কলিতাই  ।