Local, Vocal, Global

Punjab farmer who fell ill after tear gas firing dies : কৃষকসকলৰ প্ৰতিবাদৰ মাজতে মৃত্যু আন এগৰাকী কৃষকৰ

নেশ্যনেল ডেস্ক,২৭ ফেব্ৰুৱাৰী : অব্যাহত আছে কৃষক সংগঠনসমূহৰ প্ৰতিবাদ । ১৫ দিন অতিক্ৰম কৰিলে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ ।

তাৰ মাজতে পুনৰ পাঞ্জাব-হাৰিয়ানা সীমান্তৰ পৰা আহিছে আন এক দুখজনক খবৰ । পুনৰ কৃষকসকলৰ প্ৰতিবাদৰ মাজতে মৃত্যু আন এগৰাকী কৃষকৰ। সোমবাৰে নিশা সংঘটিত হয় ঘটনাটো। মৃত কৃষকজনৰ নাম কাৰ্ণেল সিং,বয়স ৫০ বছৰ বুলি জানিব পৰা গৈছে ।তেওঁ পাটিয়ালাৰ ৰানো গাঁৱৰ বাসিন্দা আছিল(Punjab farmer who fell ill after tear gas firing dies, sixth death in 15 days of farmer agitation) ।

কৃষকসকলৰ মতে, খানৌৰী সীমান্তত ধৰ্মঘট কৰি থকাৰ সময়তে নিহাল সিঙৰ পুত্ৰ ৫০ বছৰীয়া কৃষক কৰ্ণেল সিঙৰ স্বাস্থ্য হঠাতে অৱনতি ঘটিছিল ।তাৰ পিছত কৃষকজনক পাটিয়ালাৰ ৰজিন্দ্ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও কিন্তু চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয় ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও কেইবাৰগৰাকী কৃষক নেতাৰ মৃত্যু হৈছে । কৃষক আন্দোলনৰ সময়ত হাৰিয়ানা আৰক্ষীৰ সৈতে সংঘৰ্ষৰ ফলতো কৃষকে প্ৰাণ হেৰুৱাইছে ।

ইয়াৰ মাজতে মঙলবাৰে আন্দোলনটোৰ নেতৃত্ব দিয়া কিষাণ মজদুৰ মৰ্চা আৰু সংযুক্ত কিষাণ মৰ্চাই (অ-ৰাজনৈতিক) ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিব । য’ত দিল্লী চলো কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰা হ’ব । দিল্লী চলোৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত ২৮ ফেব্ৰুৱাৰীত লোৱা হ’ব ।

লগতে পঢ়ক : India reveals Gaganyaan crew, PM Modi’s standing ovation : ‘গগনযান’ মিছনৰ বাবে ৪গৰাকী মহাকাশচাৰীৰ নাম প্ৰকাশ