সুখবৰ! ভাৰতলৈ উভতিব পাৰে PUBG
PUBG প্ৰেমীলৈ সুখবৰ! শীঘ্ৰে ভাৰতলৈ উভতিব পাৰে PUBG।
কিছুদিন পুৰ্বেই ভাৰত চৰকাৰে ভাৰতত PUBG নিষিদ্ধ কৰিছিল যদিও শেহতীয়াকৈ PUBG প্ৰেমীলৈ আহিছে এক সুখবৰ। ভাৰত চৰকাৰে নিষেধাজ্ঞা ঘোষণা কৰাৰ পিছতে PUBG কৰপ’ৰেচনে কোৰিয়ান কোম্পানী Tencentৰ সৈতে সম্বন্ধ বিচ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখ্য যে কিছুদিন পূৰ্বেই ভাৰত চৰকাৰে সার্বভৌমত্ব, অখণ্ডতা, ভাৰতৰ সুৰক্ষা আৰু জনগণৰ ব্যৱস্থাৰ বাবে বিপদ আহিছে বুলি অভিযোগ উত্থাপন কৰি ভাৰতত নিষিদ্ধ কৰিছিল PUBG সহ ১১৮টাকৈ এপছ।