Local, Vocal, Global

Wrestlers to Throw Medals In Ganga : মল্লযুঁজাৰুসকলে গংগাত বিসৰ্জন দিব পদক

নেশ্যনেল ডেস্ক, ৩০ মে’ : মল্লযুঁজাৰুসকলে গংগাত বিসৰ্জন দিবলৈ ওলাইছে সকলো পদক । আজি সন্ধিয়া ৬ বজাত হৰিদ্বাৰত পদক বিসৰ্জন দিব সকলো মল্লযুঁজাৰুৱে ।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি তেওঁলোকে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে । কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে মল্লযুঁজাৰুসকলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । জানিবলৈ পোৱা মতে তেওঁলোকে আমৰম অনশনত বহিব ।

দিল্লীৰ যন্তৰ মন্তৰৰ সন্মুখত কেইবাদিনো ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল মল্লযুঁজাৰুসকলে । তাৰোপৰি দেওবাৰে নতুন সংসদ ভৱন উদ্বোধনৰ সময়ত তেওঁলোকে বিক্ষোভ প্ৰদৰ্শন কৰিছিল । দিল্লী আৰক্ষীয়ে দেওবাৰে দিল্লীত মল্লযুঁজাৰু ভিনেশ ফ’গাট, বজৰং পুনিয়া, সংগীতা ফ’গাট, সাক্ষী মালিককে ধৰি বহুকেইজনক আটক কৰে । তেওঁলোকে ‘মহিলা মহাপঞ্চায়ত’ আয়োজন কৰিবলৈ নতুন সংসদ ভৱনৰ ফালে সমদল উলিয়াইছিল। সেইবাবেই তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল । মল্লযুঁজাৰুসকলে নতুন সংসদ ভৱনৰ সন্মুখত বিক্ষোভ কৰিবলৈ গৈ হাৰাশাস্তিৰ সন্মুখীন হয় ।

ব্ৰিজভূষণক গ্ৰেপ্তাৰ কৰাৰ দাবীত কেইবাদিনো ধৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । ইণ্ডিয়ান ৰেছলিং এছ’চিয়েশ্যনৰ সভাপতি ব্ৰিজভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উঠিছিল । অৱশ্যে কেন্দ্ৰীয় শাসকীয় বিজেপি দলৰ সাংসদ ব্রিজভূষণে এই অভিযোগ অস্বীকাৰ নকৰে । উপায়ন্তৰ হৈ অৱশেষত এইবাৰ তেওঁলোকে পদক পেলাই দিয়াৰ কথা ঘোষণা কৰিলে ।

আজি অৰ্থাৎ মঙলবাৰে অলিম্পিকৰ পদক বিজয়ী সাক্ষীয়ে টুইট কৰি কয় যে ”এই পদকসমূহে আমাৰ জীৱন । আজি সেইবোৰ গংগাত পেলাই দিয়াৰ পিছত আমাৰ জীয়াই থকাৰ আৰু কোনো অৰ্থ নাই। সেয়ে, পদকবোৰ পেলাই দিয়াৰ পিছত আমি ইণ্ডিয়া গেটৰ সন্মুখত আমৰণ অনশনত বহিম।”

দেওবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ভিনেশে সাক্ষীক আৰক্ষীৰ ভ্যানত উঠাই নিয়াৰ ভিডিঅ’ । এই সন্দৰ্ভত বিজেন্দ্ৰ সিং, নীৰজ চোপ্ৰা, সুনীল ছেত্ৰীৰ দৰে ক্ৰীড়াবিদে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰশাসনৰ ভূমিকাক সমালোচনা কৰে । এই ঘটনাৰ পিছতে মল্লযুঁজাৰুৰ আন্দোলনৰ বিৰুদ্ধে অধিক কঠোৰ স্থিতি গ্ৰহণ কৰে দিল্লী আৰক্ষী প্ৰশাসনে । দিল্লীৰ যন্তৰ মন্তৰত মল্লযুঁজাৰুসকলে ধৰ্ণা প্ৰদৰ্শন কৰিব নোৱাৰিব বুলিও জনাই দিয়া হৈছে।

লগতে পঢ়ক : Junmoni Rabha death case : কলিয়াবৰ চিকিৎসালয়ত নাই জোনমণিক ভৰ্তি কৰোৱাৰ কোনো তথ্য