Local, Vocal, Global

Watch | Prime Minister’s free electricity scheme “Suryaghar” office inaugurated in Teok: টীয়কত প্ৰধানমন্ত্ৰীৰ বিনামূলীয়া বিজুলী আঁচনি “সূৰ্যঘৰ” ৰ কাৰ্যালয় মুকলি

টীয়ক: প্ৰধানমন্ত্রী সূৰ্যঘৰ বিনামূলীয়া বিজুলী আচনিৰ চৰকাৰী পঞ্জীভূক্ত বিক্ৰেতা IT Treders ৰ আন এটা কাৰ্যালয় আজি টীয়ক আৰক্ষী থানাৰ সন্মুখত শুভ আৰম্ভণি কৰা হয়।আজিৰ পৰা উক্ত কাৰ্যালয়ৰ যোগেদি বৃহত্তৰ টীয়কৰ আগ্ৰহী গ্ৰাহকে চৰকাৰৰ দ্বাৰা ঘোষিত এই অভিলাষী আচঁনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।

উল্লেখযোগ্য যে এই আঁচনিৰ সুবিধা লবলৈ সাধাৰণ ৰাইজৰ বাবে বেংকৰ পৰা ঋণ লাভ তথা আচঁনি ৰূপায়ণৰ পাছত গ্ৰাহকে ঘূৰাই পাবলগীয়া ৰাজ সাহাৰ্যকে ধৰি সকলো সা সুবিধা এই IT Treders ৰ জড়িয়তেই উপলব্ধ হ’ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে।

টীয়ক APDCLৰ ভাৰপ্ৰাপ্ত বিষয়া হিমাংশু বৰাই ফিটা কাটি শুভাৰম্ভণি কৰা উক্ত কাৰ্যালয় শুভাৰম্ভণি অনুষ্ঠানত যোৰহাট জিলা আপকুৰ সম্পাদক সাৰংগপাণি শইকীয়া,টীয়ক ই মিডিয়াৰ সাংগঠনিক সম্পাদক উৎপলজ্যোতি খাউণ্ড,বিশিষ্ট চিত্ৰশিল্পী ধৰমজ্যোতি কোঁৱৰ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলাৰ উপদেষ্টা ৰন্টু ভুঞাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি এই কাৰ্যালয়টোৱে টীয়কীয়া ৰাইজক চৰকাৰৰ এই অভিলাষী আচনিৰ সুবিধা লাভ কৰাত সহায়ক হব বুলি মত প্ৰকাশ কৰে।