International Yoga Day 2023 : ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ নেতৃত্ব দিব ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে

ডিব্ৰুগড়, ১৭ জুন : কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অৰ্থাৎ শনিবাৰে আগন্তুক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সংবাদমেল অনুষ্ঠিত কৰে(International Yoga Day 2023) । মূল আকৰ্ষণ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউয়ৰ্কত থকা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত সামূহিক যোগ প্ৰদৰ্শনৰ নেতৃত্ব দিব । প্ৰধানমন্ত্ৰীয়ে এই স্থানতে ৯ বছৰ পূৰ্বে ২০১৪ চনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ প্ৰস্তাৱ দিছিল(International Yoga Day 2023)।
শনিবাৰে ডিব্ৰুগড়ত সংবাদ মাধ্যমক উদ্দেশ্য কৰি সৰ্বানন্দ সোণোৱালে কয় যে, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ প্ৰস্তুতি সমগ্ৰ ভাৰততে নহয়, বিশ্বজুৰিও পূৰ্ণগতিত চলি আছে । ভাৰতত চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল অনুষ্ঠান ২১ জুন তাৰিখে মধ্যপ্ৰদেশৰ জবলপুৰত অনুষ্ঠিত হ’ব, য’ত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল, মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সামাজিক ন্যায় আৰু সবলীকৰণৰ কেন্দ্ৰীয় মন্ত্ৰী ড° বীৰেন্দ্ৰ কুমাৰ, জল শক্তি আৰু খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰহ্লাদ সিং পেটেল, আয়ুষ তথা মহিলা আৰু শিশু উন্নয়নৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডাঃ মুঞ্জপাৰা মহেন্দ্ৰভাই, কেন্দ্ৰীয় তীখা আৰু গ্ৰামোন্নয়নৰ ৰাজ্যিক মন্ত্ৰী ফাগন সিং কুলাষ্টে, মধ্য প্ৰদেশ চৰকাৰৰ বিদ্যালয় শিক্ষা (স্বতন্ত্ৰ) আৰু সাধাৰণ প্ৰশাসনৰ ৰাজ্যিক মন্ত্ৰী ইন্দ্ৰ সিং পৰমাৰ, মধ্য প্ৰদেশ চৰকাৰৰ আয়ুষ আৰু জলসম্পদৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ৰাম কিশোৰ (নানো) কাৱৰে, জবলপুৰৰ সাংসদ ৰাকেশ সিং প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত সামূহিক যোগ প্ৰদৰ্শনৰ নেতৃত্ব দিয়া হ’ব(Union minister Sarbananda Sonowal) ।
এই সন্দৰ্ভত সৰ্বানন্দ সোণোৱালে কয় যে, “আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৩ৰ বাবে এই বছৰৰ বিষয়বস্তু ‘বসুধৈৱ কুটুম্বকমৰ বাবে যোগ’এ আমাৰ সামূহিক আকাংক্ষাক উপযুক্তভাৱে বৰ্ণনা কৰিছে। অৰ্থাৎ এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত। বসুধৈৱ কুটুম্বকম্ অনাদি কালৰ পৰাই ভাৰতীয় ঐতিহ্যৰ পথ প্ৰদৰ্শক হৈ আহিছে আৰু ইয়াক কেন্দ্ৰ কৰিয়ে আমাৰ নীতি-নিয়ম আৰু সামাজিক-সাংস্কৃতিক ভেটি গঢ় লৈ উঠিছে। মই আন্তৰিকতাৰে আশা কৰিছোঁ যে যোগৰ অনুশীলনৰ জৰিয়তে বিশ্বৰ মানৱ সম্প্ৰদায়ে বৰ্তমানৰ বিভিন্ন স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ সমাধান বিচাৰি উলিয়াবলৈ সক্ষম হ’ব। যোৱা বছৰ ২৩ কোটিতকৈও অধিক লোকে যোগ দিৱসত অংশগ্ৰহণ কৰিছিল। এইবাৰ এই সংখ্যা ২৫ কোটিতকৈও অধিক হ’ব।”
তেওঁ লগতে কয় যে চলিত বৰ্ষৰ মাৰ্চ মাহত আয়ুষ মন্ত্ৰালয়ে আৰম্ভ কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ ১০০ দিনৰ কাউণ্টডাউন অভিযানে ইতিমধ্যে সংশ্লিষ্ট চহৰসমূহৰ মাজত এক ব্যাপক গতি লাভ কৰা দেখা গৈছে।
এইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ‘অ’চেন ৰিং অৱ য়োগা’ৰ দৰে বহুতো অনন্য বৈশিষ্ট্যৰ সাক্ষী হ’ব, য’ত ভাৰতীয় নৌসেনাৰ জাহাজসমূহে বিশ্বৰ ৯টা বন্দৰত কমন য়োগা প্ৰট’কল চমুকৈ চি ৱাই পি প্ৰদৰ্শনত অংশগ্ৰহণ কৰিব । কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে যিবোৰ দেশৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে সেইবোৰ দেশত চি ৱাই পি প্ৰদৰ্শন কৰিব।
‘আৰ্কটিকৰ পৰা এন্টাৰ্কটিকালৈকে যোগাসন’ হৈছে আন এটা উল্লেখযোগ্য বৈশিষ্ট্য য’ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আয়ুষ মন্ত্ৰালয়ৰ সৈতে সমন্বয় কৰি ৰাষ্ট্ৰসংঘৰ সদস্য দেশসমূহৰ উপৰি প্ৰাইম মেৰিডিয়ান লাইন আৰু ইয়াৰ আশে-পাশে থকা দেশসমূহত চি ৱাই পি অনুষ্ঠিত কৰিব।
‘উত্তৰ মেৰু আৰু দক্ষিণ মেৰু অঞ্চলত যোগাসন’ আৰ্কটিকত থকা ভাৰতীয় গৱেষণা ঘাটি হিমাদ্ৰী আৰু এন্টাৰ্কটিকাত থকা ভাৰতীয় গৱেষণা ঘাটি ভাৰতীৰ সমন্বয়ত ভূ বিজ্ঞান মন্ত্ৰালয়ে অনুষ্ঠিত কৰিব।
‘যোগ ভাৰতমালা’ক এনেধৰণে চিন্তা কৰা হৈছে য’ত ভাৰতীয় সেনা, ভাৰতীয় নৌসেনা, ভাৰতীয় বায়ুসেনাৰ লগতে আইটিবিপি, বিএছএফ, বিআৰঅ’ই একেলগে যোগ প্ৰদৰ্শনৰ শৃংখল গঢ় দিব। ‘যোগ সাগৰমালা’ৰ জৰিয়তে ভাৰতৰ উপকূলীয় অঞ্চলো যোগাসনৰ সাক্ষী হ’ব।
ৰাষ্ট্ৰীয় পৰিপ্ৰেক্ষিতত এইবাৰ যোগ দিৱস গাঁও পৰ্যায়তো উদযাপন কৰি “হৰ আংগন যোগ”ৰ লক্ষ্যত উপনীত হ’বলৈ চেষ্টা কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো গ্ৰাম প্ৰধানলৈ এখন পত্ৰ লিখি তেওঁলোকৰ ওচৰৰ অংগনবাড়ী, স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ আৰু বিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ অধীনত থকা প্ৰায় ২ লাখ সাধাৰণ সেৱা কেন্দ্ৰ, আয়ুষ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ, আয়ুষ গ্ৰাম আৰু অমৃত সৰোবৰতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ’ব।
কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে অনুষ্ঠানত কয় যে , “যোগ মহোৎসৱত সৰ্বস্তৰৰ লোকে ব্যাপকভাৱে অংশগ্ৰহণ কৰা দেখি মোৰ মন আনন্দিত হৈ পৰিছে। এইবেলি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৭৫ দিনীয়া গণনা কাৰ্যসূচী ডিব্ৰুগড়ত যোৱা ৭ এপ্ৰিলত, ৫০ দিনীয়া গণনা কাৰ্যসূচী ২ মে’ তাৰিখে জয়পুৰত আৰু ২৫ দিনীয়া গণনা কাৰ্যসূচী ২৭ মে’ত হায়দৰাবাদত অনুষ্ঠিত হৈছে । যোগ ভাৰতৰ গৌৰৱময় ঐতিহ্য-পৰম্পৰাৰ এক উৎকৃষ্ট নিদৰ্শন। সমগ্ৰ বিশ্বই প্ৰতি বছৰে ২১ জুনত যোগ দিৱস উদযাপন আৰম্ভ কৰাৰ লগে লগে যোগে বিশ্বব্যাপী এক অভূতপূৰ্ব উৎসাহ আৰু জনপ্ৰিয়তা লাভ কৰিছে। মানৱ জীৱনৰ মান সমৃদ্ধ কৰাৰ বাবে যোগক এক বৃহৎ স্বাস্থ্যসেৱা আন্দোলন হিচাপে গঢ়ি তোলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে । তেখেতৰ দূৰদৰ্শিতাৰ বাবেই বিশ্বজুৰি অধিক সংখ্যক লোকে এতিয়া যোগৰ মহত্ব অনুধাৱন কৰি ইয়াৰ ওচৰ চাপিছে আৰু শাৰীৰিক, মানসিক, আধ্যাত্মিক সুস্থতাত মনোনিৱেশ কৰিছে ।
যোগে জাতি, ধৰ্ম, লিংগ, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো বিভাজন অতিক্ৰমি মানৱ জাতিক একত্ৰিত কৰিছে। সকলো বয়সৰ লোকেই ইয়াৰ সুফল গ্ৰহণ কৰিছে। এই বছৰৰ যোগ দিৱসৰ বিষয়বস্তু যথেষ্ট তাৎপৰ্যপূৰ্ণ – ‘বসুধৈৱ কুটুম্বকমৰ বাবে যোগ’। বিশ্বৰ প্ৰতিটো প্ৰান্ততে ইয়াৰ প্ৰতিধ্বনি হৈছে। গাঁৱৰপৰা চহৰলৈকে, শিক্ষাৰ্থীৰপৰা কৰ্পোৰেট কৰ্মচাৰীলৈকে – সকলোৱে শাৰীৰিক আৰু মানসিকভাৱে স্বাস্থ্যৱান হৈ থাকিবলৈ যোগাসন কৰিব লাগে । মোদী ডাঙৰীয়াৰ অক্লান্ত প্ৰচেষ্টাৰ ফলত যোগৰ প্ৰভাৱ ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু বিশ্ব সম্প্ৰদায়ে ইয়াক অকুণ্ঠচিত্তে আঁকোৱালি লৈছে। আজি সমগ্ৰ বিশ্বই যোগক সামগ্ৰিক স্বাস্থ্য আৰু কল্যাণ সাধনৰ এক অবিৰাম বাহন হিচাপে গ্ৰহণ কৰিছে।”
আয়ুষ মন্ত্ৰালয়ে ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদ (ICCR) আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত MyGov.in প্লেটফৰ্মত “Yoga My Pride” ফটোগ্ৰাফী প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰীসকলে ফটোখনৰ বাবে উপযুক্ত কেপচনৰ সৈতে নিজৰ “যোগাসন” কৰা ফটো আপলোড কৰিব পাৰে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰীসকলক তিনিটা শাখাত পুৰস্কাৰ প্ৰদান কৰা হ’ব ।
আয়ুষ মন্ত্ৰালয়ে কৰ্মক্ষেত্ৰত ৱাই-ব্ৰেক অৰ্থাৎ য়োগা ব্ৰেকৰ প্ৰৱৰ্তন কৰিছিল যাৰ লক্ষ্য আছিল মানসিক চাপমুক্তি, সতেজতা লাভ আৰু কৰ্মক্ষেত্ৰত পুনৰ মনোনিৱেশ। এইবাৰ Y-break @ workspaces – চকীত বহি যোগাসনৰ প্ৰৱৰ্তন কৰা হৈছে। ভাৰত চৰকাৰৰ সকলো মন্ত্ৰালয়/বিভাগৰ কৰ্মচাৰীক এনেধৰণে যোগাসন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
ভাৰত চৰকাৰৰ সকলো মূল মন্ত্ৰালয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰীৰ যোগ প্ৰতিষ্ঠান আৰু সংস্থা তথা অন্যান্য অংশীদাৰসকলে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৩ৰ বিভিন্ন কাৰ্য্যকলাপত অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ আৰু জামনগৰত থকা WHO GCTM কাৰ্যালয়েও অহা ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰিব।
লগতে পঢ়ক : Nehru Museum Renamed : নেহৰু সংগ্ৰহালয়ৰ নাম সলনি কেন্দ্ৰীয় চৰকাৰৰ