Nehru Museum Renamed : নেহৰু সংগ্ৰহালয়ৰ নাম সলনি কেন্দ্ৰীয় চৰকাৰৰ

নেশ্যনেল ডেস্ক, ১৭ জুন : কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে দিল্লীৰ তিনি মূৰ্তি ভৱনত অৱস্থিত নেহৰু মেম’ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰীৰ নাম সলনি কৰে (Nehru Museum Renamed) । ইয়াক নতুনকৈ প্ৰাইম মিনিষ্টাৰ’চ মিউজিয়াম এণ্ড লাইব্ৰেৰী চোচাইটি (Prime Minister’s Museum and Library Society(PMMS) নামেৰে পৰিচিত হ’ব ।
নাম সলনি হোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে , “যিসকলৰ নিজৰ ইতিহাস নাই তেওঁলোকে আনৰ ইতিহাস মচি পেলাবলৈ চেষ্টা কৰি আছে । স্মাৰকৰ নাম সলনি কৰাৰ প্ৰচেষ্টাই আধুনিক ভাৰতৰ নিৰ্মাণ আৰু গণতন্ত্ৰৰ নিৰ্ভীক পৃষ্ঠপোষক পণ্ডিত জৱাহৰলাল নেহৰুৰ ব্যক্তিত্ব হ্ৰাস কৰিব নোৱাৰে । ই বিজেপি-আৰএছএছৰ ক্ষুদ্ৰ মানসিকতা আৰু আধিপত্যবাদী মনোভাৱ প্ৰদৰ্শন কৰে ।
উল্লেখ্য যে, সংস্কৃতি মন্ত্ৰালয়ে শুকুৰবাৰে এক বিবৃত্তিত কয় যে, তিনি মূৰ্তি ভৱনত নেহৰু মেম’ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰী অৱস্থিত । লগতে এই ভৱনটোত প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ো আছে, য’ত নেহৰুকে ধৰি ভাৰতৰ সকলো প্ৰধানমন্ত্ৰীৰ অৱদান প্ৰদৰ্শন কৰা হৈছে । ইয়াৰ আগতে, এই সংগ্ৰহালয়টোৰ নাম আছিল নেহৰু মেম’ৰিয়েল মিউজিয়াম আৰু লাইব্ৰেৰী, এতিয়া ইয়াক প্ৰাইম মিনিষ্টাৰ’চ মিউজিয়াম এণ্ড লাইব্ৰেৰী চোচাইটি নামে সলনি কৰা হৈছে ।
উল্লেখ্য যে, ২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সকলো প্ৰধানমন্ত্ৰীৰ বাবে এটা সংগ্ৰহালয় স্থাপনৰ প্ৰস্তাৱ দিছিল । কংগ্ৰেছৰ বিৰোধিতা স্বত্বেও, প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়টো নেহৰু মেম’ৰিয়েল মিউজিয়াম আৰু লাইব্ৰেৰী কমপ্লেক্সত নিৰ্মাণ কৰা হৈছিল । ২০২২ চনৰ ২১ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক উদ্বোধন কৰে । এই তিনি মূৰ্তি ভৱনটো পণ্ডিত জৱাহৰলাল নেহৰুৰ চৰকাৰী বাসগৃহ আছিল,
১৯২৯-৩০ চনত এডউইন লুটিয়েন্সৰ ৰাজকীয় ৰাজধানীৰ অংশ হিচাপে নিৰ্মাণ কৰা থ্ৰী ষ্টেচু হাউচটো ভাৰতৰ কমাণ্ডাৰ-ইন-চীফৰ চৰকাৰী বাসগৃহ আছিল । ১৯৪৮ চনৰ আগষ্ট মাহত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ চৰকাৰী বাসগৃহ হৈ পৰে । পণ্ডিত নেহৰুৱে এই ভৱনত ১৬ বছৰ ধৰি বাস কৰিছিল । নেহৰু ভৱনটোক স্মৰণীয় কৰি ১৯৬৪ চনত নিৰ্মাণ কৰা হৈছিল ।
নেহৰুৰ মৃত্যুৰ পিছত, তেতিয়াৰ চৰকাৰে সিদ্ধান্ত লয় যে তিনিমূৰ্তি ভৱন গৃহটো জৱাহৰলাল নেহৰুক উত্সৰ্গা কৰা উচিত । তেতিয়াৰ চৰকাৰে তাত এটা সংগ্ৰহালয় আৰু এটা পুথিভঁৰাল নিৰ্মাণৰ প্ৰস্তাৱ দিছিল।
১৯৬৪ চনৰ ১৪ নৱেম্বৰত নেহৰুৰ ৭৫ তম জন্ম জয়ন্তীত তদানীন্তন ৰাষ্ট্ৰপতি এছ ৰাধাকৃষ্ণনে তিনিমূৰ্তি ভৱন দেশবাসীক উত্সৰ্গা কৰে আৰু নেহৰু স্মাৰক সংগ্ৰহালয় উদ্বোধন কৰে । দুবছৰ পিছত প্ৰতিষ্ঠানটো চলাবলৈ নেহৰু মেম’ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰী চ’চাইটি প্ৰতিষ্ঠা কৰা হৈছিল আৰু তেতিয়াৰ পৰাই এই চ’চাইটি অব্যাহত আছে ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেহৰু মেম’ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰী চছাইটিৰ সভাপতি । কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, নিৰ্মলা সীতাৰমণ, ধৰ্মেন্দ্ৰ প্ৰধান, জি কিষাণ ৰেড্ডী আৰু অনুৰাগ ঠাকুৰকে ধৰি সমিতিৰ ২৯ জন সদস্যৰ ভিতৰত আছে।