Local, Vocal, Global

Prices of Essential Medicines to Marginally Increase from April 1 :১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব ৮০০ বিধ ঔষধৰ দাম

নিউজ ডেস্ক,৩১মাৰ্চ : ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব ৮০০ বিধ ঔষধৰ দাম ।

ইলেক্টৰেল বণ্ডৰ জৰিয়তে ঔষধ কোম্পানীৰ পুঁজি যোগানৰ ফল ভূগিব দেশবাসীয়ে(Prices of 800 essential Medicines to be increased from April 1)!

১ এপ্ৰিল অৰ্থাত কাইলৈৰ পৰা কাৰ্যকৰী হ’ব ঔষধৰ নতুন দাম। বৃদ্ধি পাব অত্যাৱশ্যকীয় ৮০০ বিধ ঔষধৰ মূল্য । বৃদ্ধি পাব পেইনকিলাৰ, এণ্টিবায়টিক, সংক্ৰমণৰোধক ঔষধৰ দাম।

জনতাৰ মূৰত মাধমাৰ শোধাবলৈ পুনৰ সাজু হৈ উঠিছে শাসনাধিষ্ঠ চৰকাৰ। পুনৰ বাঢ়িব জীৱনদায়িনী ঔষধৰ দাম ইতিমধ্যেই মুদ্ৰাস্ফিতীয়ে কোঙা কৰি তোলা জনতাৰ সমস্যা ই দুগুণ কৰি তুলিব(Prices of 800 essential Medicines to be increased from April 1) ।

প্রয়োজনীয় ঔষধ ক্রয় কৰিবলৈ যাওঁতেও আপুনি এবাৰ ভাবিব লাগিব কাৰণ এতিয়াৰ পৰা আপুনি ভৰিব লাগিব অধিক ধন। দেশত প্ৰায়েই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সমস্যাৰ সৃষ্টি কৰাৰ মাজতে শেহতীয়াকৈ ঔষধৰ মূল্য বৃদ্ধিয়ে সকলোকে চিন্তাত পেলাব (Medicine price hike)।

লগতে পঢ়ক :Liquor prices to increase in Assam from April 1: ৰাজ্যৰ সুৰাপায়ীসকলৰ বাবে দুঃখবৰ;১ এপ্ৰিলৰ পৰা ৰাজ্যত বৃদ্ধি পাব সুৰাৰ দাম