Local, Vocal, Global

3.88 lakh seized during SST group raid : নিৰ্বাচনৰ প্ৰাকক্ষণত ঘিলামৰাত উদ্ধাৰ হয় ৩ লাখ ৮৮ হাজাৰ নগদ ধন

নিউজ ডেস্ক,৩১মাৰ্চ : সমাগত লোকসভাৰ সাধাৰণ নিৰ্বাচন । লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাকক্ষণত দেওবাৰেও উদ্ধাৰ হয় ৩ লাখ ৮৮ হাজাৰ নগদ ধন(3.88 lakh seized during SST group raid)।

ঢকুৱাখনা বিধানসভা সমষ্টিত এছ এছ টি গোটে নিয়মীয়া অভিযান চলাই আহিছে। দেওবাৰেও এই নিয়মীয়া অভিযানৰ সময়ত উদ্ধাৰ হয় ৩ লাখ ৮৮ হাজাৰ নগদ ধন। সমষ্টিটোৰ কদম চক্ৰৰ এছ এছ টি গোটৰ ডি শইকীয়াৰ নেতৃত্বত ঘিলামৰাত চলোৱা তালাচী কালত উদ্ধাৰ হয় এই ধন ৰাশি( 3.88 lakh seized during SST group raid in Ghilamara)।

জানিব পৰা মতে, গোগামুখ -ঘিলামৰা লোকনিৰ্মান পথৰ ঘিলামৰা আৰক্ষী থানাৰ সন্মুখত এ এছ ০৭-আৰ-৮৭৩৮ নম্বৰৰ এখন বগা বলেৰ’ গাড়ীৰ পৰা উদ্ধাৰ কৰে এই নগদ ধনখিনি। লখিমপুৰ জিলাৰ পানী গাঁও আৰক্ষী থানাৰ অন্তৰ্গত বচাই গাঁৱৰ প্ৰয়াত বাচি দাসৰ পুত্ৰ ৰমেন দাস নামৰ এজন ব্যক্তিয়ে নিজৰ বলেৰ’ গাড়ীত আনি থকা অৱস্থাতে উদ্ধাৰ হয় এই ধন । এছ এছ টি গোটটোৱে মুঠ ৩ লাখ ৮৮ হাজাৰ টকা জব্ধ কৰি “ডিষ্ট্ৰিক্ট গ্ৰীভেন্স চেল” ত বিধিগত নীতি নিয়মৰ অন্তত জমা কৰে।

লগতে পঢ়ক :Chance Perdomo Dies : ভয়ংকৰ বাইক দুৰ্ঘটনাত মৃত্যু হলীউডৰ বিখ্যাত অভিনেতা চান্স পেৰ্ডোমো