Local, Vocal, Global

কাজিৰঙালৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ- সাধাৰণ পৰ্যটকৰ বাবে বন্ধ থাকিব চাফাৰী

নিউজ ডেস্ক,২২ ফ্ৰেব্ৰুৱাৰীঃ ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অহা ২৫ ফ্ৰেব্ৰুৱাৰীত তিনিদিনৰ বাবে অসম ভ্ৰমণ কৰিব। মুখ্য বন সংৰক্ষক এম কে যাদৱে কয় যে, অহা ২৬ আৰু ২৭ ফ্ৰেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে।
উল্লেখ্য যে, বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ৰমেশ কুমাৰ গগৈয়ে এক নিৰ্দেশনাৰ জৰিয়তে কয় যে, ৰাষ্ট্ৰপতিগৰাকীৰ আগমনক লৈ সুৰক্ষাজনিত কাৰণৰ বাবে অহা ২৬ ফ্ৰেব্ৰুৱাৰীৰ ৰাতিপুৱাৰ পৰা ২৭ ফ্ৰেব্ৰুৱাৰীৰ দুপৰীয়ালৈকে উদ্যান খনৰ কেইবাটাও ৰেঞ্জ সাধাৰণ পৰ্যটকৰ বাবে বন্ধ থাকিব। অৱশ্যে বুঢ়াপাহাৰ আৰু আগৰতলী ৰেঞ্জ পৰ্যটকৰ বাবে খোলা থাকিব।