Local, Vocal, Global

President Murmu Serbia visit: চাৰিদিনীয়া ভ্ৰমণসূচীৰে ছাৰ্বিয়াত উপস্থিত ৰাষ্ট্ৰপতি মূৰ্মু

ইণ্টাৰনেশ্যনেল ডেস্ক, ৭ জুন: আনুষ্ঠানিক ৰাষ্ট্ৰীয় ভ্ৰমণৰ কাৰ্যসূচীৰে ছাৰ্বিয়াত উপস্থিত হয় ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদি মূৰ্মু (President Droupadi Murmu arrived in Serbia) । ছাৰ্বিয়াৰ বেলগ্ৰেডৰ নিকোলা টেছলা বিমানবন্দৰত বুধবাৰে উপস্থিত হয় ৰাষ্ট্ৰপতি মূৰ্মু ।

চাৰিদিনীয়া ভ্ৰমণসূচীৰে ছাৰ্বিয়াত উপস্থিত ৰাষ্ট্ৰপতি মূৰ্মু

ছাৰ্বিয়াত উপস্থিত হোৱাৰ পাছতে পোনে পোনে ছাৰ্বিয়াৰ গাণ্ডিজেভা ষ্ট্ৰীটলৈ গৈ তাত অৱস্থিত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীয়ে (Indian President paid floral tributes at Mahatma Gandhi Bust) । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত ছাৰ্বিয়াৰ শ্ৰম, নিয়োগ, প্ৰবীণ আৰু সামাজিক নীতি মন্ত্ৰী নিকোলা চেলাকোভিচ আৰু বেলগ্ৰেডৰ মেয়ৰ আলেকজেণ্ডাৰ ছালিচ উপস্থিত থাকে ।

চুৰিনামৰ ৰাষ্ট্ৰপতি চন্দ্ৰিকাপেৰছাদ সন্তুখীৰ আমন্ত্ৰণত ৪ জুনৰ পৰা ৬ জুনলৈ চুৰিনামত আছিল ৰাষ্ট্ৰপতি মূৰ্মু (President Droupadi Murmu Suriname visit) ।

চাৰিদিনীয়া ভ্ৰমণসূচীৰে ছাৰ্বিয়াত উপস্থিত ৰাষ্ট্ৰপতি মূৰ্মু

ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াৰ পূৰ্বে বুধবাৰে চুৰিনাম ভ্ৰমণৰ সামৰণি মাৰি ছাৰ্বিয়ালৈ ৰাওনা হৈছিল । ছাৰ্বিয়াৰ ৰাষ্ট্ৰপতি আলেক্সাণ্ডাৰ ৱুচিকৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতে ৯ জুনলৈকে ৰাষ্ট্ৰীয় ভ্ৰমণৰ কাৰ্যসূচীৰে ছাৰ্বিয়াত থাকিব (Serbian President Aleksander Vucic)।

ৰাষ্ট্ৰপতি মুৰ্মুৰ ছাৰ্বিয়া ভ্ৰমণৰ মাজতে বিগত সপ্তাহত কছোভোত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় । এই কছোভোক ২০০৮ চনত স্বাধীনতা ঘোষণা কৰি ছাৰ্বিয়াৰ পৰা পৃথক কৰি দিয়া হৈছিল । শেহতীয়াকৈ হোৱা এক বিতৰ্কিত নিৰ্বাচনৰ জড়িয়তে আলবেনীয়াৰ মেয়ৰগৰাকীক কৰা নিৰ্বাচনৰ বিৰোধীতাৰে ওলাই অহা প্ৰতিবাদকাৰীসকলৰ সৈতে প্ৰশাসনৰ বহুকেইটা সংঘৰ্ষৰ খবৰ পোৱা গৈছে ।

দ্য নিউয়ৰ্ক টাইমছৰ বাতৰি অনুসৰি এই সপ্তাহত উত্তৰ কছোভোত ছাৰ্ব জনগোষ্ঠীৰ সৈতে হোৱা সংঘৰ্ষ (Clashed with ethnic Serbs)ত নাটোৰ প্ৰায় বিশজনমান শান্তিৰক্ষী(NATO peacekeepers) আঘাতপ্ৰাপ্ত হৈছে । যাৰ ফলত ছাৰ্বিয়া আৰু কছোভোৰ মাজত অধিক উত্তেজনা বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে ।

অৱশ্যে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে(Ministry of External Affairs) উল্লেখ কৰা অনুসৰি, ভাৰতে কছোভোৰ স্বাধীনতাক কেতিয়াও স্বীকৃতি নিদিয়ে, আৰু দেশখনৰ সংঘৰ্ষজৰ্জৰ পৰিস্থিতিয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ ছাৰ্বিয়া ভ্ৰমণত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে ।

ৰাষ্ট্ৰপতিগৰাকীৰ চুৰিনাম আৰু ছাৰ্বিয়া ভ্ৰমণ সন্দৰ্ভত এক বিশেষ ব্ৰিফিং সম্বোধন কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব সঞ্জয় বার্মাই কয়, ” ছাৰ্বিয়াৰ দক্ষিণ প্রান্তত থকা কছোভোত শেহতীয়াকৈ সংঘটিত উত্তেজনাৰ বিষয়ে আমি অৱগত । এই মুহূর্তত আমাৰ ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় ভ্ৰমণৰ কাৰ্যসূচীৰ লগত সেই ঘটনাবোৰ বা ইয়াৰ কোনো পৰিণাম আছে বুলি চিন্তিত হোৱাৰ কোনো কাৰণ নাই ।”

বাৰ্মাই লগতে কয় যে, কছোভোৰ ক্ষেত্ৰত আমাৰ স্থিতি সম্পূৰ্ণ স্পষ্ট আৰু স্থিৰ যে আমি কছোভোৰ স্বাধীনতাৰ ঘোষণাক কেতিয়াও স্বীকৃতি নিদিওঁ । অৱশ্যে আমি এইটোও বিশ্বাস কৰোঁ যে যিকোনো বিবাদ আলোচনাৰ জৰিয়তে সমাধান কৰাটো প্ৰয়োজন ।

তেওঁ লগতে কয় যে, যোৱা কেইদিনমানৰ পৰা দেশখনত সৃষ্টি হোৱা অশান্তি আলোচনাৰ জৰিয়তে শান্তিপূৰ্ণভাৱে সমাধান হোৱাৰ লগতে পৰিস্থিতি স্বাভাবিক হ’ব বুলি তেওঁ আশাবাদী ।

ৰাজনৈতিক সংকটৰ পূৰ্বে ৰাষ্ট্ৰপতিৰ ভ্ৰমণ পৰিকল্পিত আছিল নেকি সেই সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত ভাৰ্মাই কয় যে সেয়া পূৰ্ব পৰিকল্পিত।

দেশখনৰ ৰাজনৈতিক সংকটৰ পূৰ্বে ভাৰতৰ ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পৰিকল্পনা কৰা হৈছিল নেকি বুলি কৰা সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দি বাৰ্মাই কয় যে সেয়া পূৰ্ব পৰিকল্পিত ।

বাৰ্মাই লগতে কয়, “এইটো দীৰ্ঘদিনীয়া আমন্ত্ৰণ আছিল। মই সঠিকভাৱে মনত পেলাব নোৱাৰিলেও এই নিমন্ত্ৰণ অতি কমেও এবছৰ, ডেৰ বছৰতকৈ অধিক সময়ৰ পূৰ্বৰ আছিল । ইউক্ৰেইনত হোৱা সংঘৰ্ষৰ বাবে, ইয়াক পুনৰ নিৰ্ধাৰণ কৰিব লগা হৈছিল । আৰু এতিয়া আমি ভাবো যে এই সময় ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাবে অনুকূল সময় ” ।

ছাৰ্বিয়াই কছোভোৰ সাৰ্বভৌমত্বক স্বীকৃতি নিদিয়ে । তাৰোপৰি চীন, ৰাছিয়া আৰু ইউৰোপীয় ইউনিয়নৰ আন পাঁচখন ৰাষ্ট্ৰৰ সমৰ্থন আছে, যিয়ে দেশখনৰ স্বাধীনতাক কেতিয়াও স্বীকৃতি নিদিয়ে ।

লগতে পঢ়ক : India Namibia friendship: ভাৰত-নামিবিয়াৰ বন্ধুত্বৰ নতুন প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিলে ‘চিতা’ই: এছ. জয়শংকৰ