Murmu Conferred With Suriname Civilian Award : চুৰিনামৰ সৰ্বোচ্চ অসামৰিক বঁটা লাভ ৰাষ্ট্ৰপতিৰ

নেশ্যনেল ডেস্ক, ৬ জুন : ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক চুৰিনামৰ সৰ্বোচ্চ অসামৰিক সন্মান “গ্ৰেণ্ড অৰ্ডাৰ অৱ দ্য চেইন অৱ দ্য ইয়েলো ষ্টাৰ” প্ৰদান কৰা হৈছে (Grand Order of the Chain of the Yellow Star) । সোমবাৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে এই সন্মান লাভ কৰে চুৰিনাম গণৰাজ্যৰ ৰাষ্ট্ৰপতি চন্দ্ৰিকাপেৰছাদ সন্তখীৰ পৰা ।
উল্লেখ্য যে যোৱা ৪ জুনত চুৰিনামৰ পাৰামাৰিবোত উপস্থিত হয় দ্ৰৌপদী মুৰ্মু (President Droupadi Murmu)। ইয়াৰ পিছতে যোহান এডলফ পেংগেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাষ্ট্ৰপতি চন্দ্ৰিকাপেৰছাদ সন্তখীয়ে সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে আদৰণি জনায় ৰাষ্ট্ৰপতি মুৰ্মুক।
মুৰ্মুৰ আৰু চুৰিনামৰ ৰাষ্ট্ৰপতিয়েও প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয় । দুয়োজন ৰাষ্ট্ৰপতিয়ে সামৰিক, কৃষি, তথ্য প্ৰযুক্তি, আৰু সামৰ্থ্য বিকাশৰ লগতে ভাৰত-চুৰিনামৰ সম্পৰ্কক আগুৱাই নিয়াৰ কৌশলকে ধৰি বিভিন্ন বিষয়ত বিস্তৃত কৰে । ইয়াৰ উপৰিও কৃষি আৰু স্বাস্থ্যকে ধৰি কেইবাটাও ক্ষেত্ৰত চাৰিখন বুজাবুজিৰ স্মাৰকপত্ৰ (এম অ’ ইউ) দুয়োখন দেশৰ মাজত আদান-প্ৰদান কৰা হয় ।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই সন্মান লাভ কৰি টুইটযোগে কয় যে, “চুৰিনামৰ সৰ্বোচ্চ সন্মান “গ্ৰেণ্ড অৰ্ডাৰ অৱ দ্য চেইন অৱ দ্য ইয়েলো ষ্টাৰ” লাভ কৰি মই অতিশয় সন্মানিত হৈছো । এই স্বীকৃতিৰ প্ৰচণ্ড তাৎপৰ্য আছে, কেৱল মোৰ বাবেই নহয়, মই প্ৰতিনিধিত্ব কৰা ভাৰতৰ ১৪ বিলিয়ন জনসাধাৰণৰ বাবেও। এই সন্মান ভাৰত-চুৰিনাম সম্প্ৰদায়ৰ একেৰাহে প্ৰজন্মলৈও উৎসৰ্গা কৰিছো, যিয়ে আমাৰ দুয়োখন দেশৰ মাজত ভ্ৰাতৃত্ববোধৰ সম্পৰ্ক সমৃদ্ধ কৰাত তাৰকাময় ভূমিকা পালন কৰিছে।’
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক চুৰিনামৰ সৰ্বোচ্চ অসামৰিক বঁটা ‘গ্ৰেণ্ড অৰ্ডাৰ অৱ দ্য চেইন অৱ দ্য ইয়েলো ষ্টাৰ’ লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।
ভাৰতৰ ৰাষ্ট্ৰপতিৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;”চুৰিনামৰ সৰ্বোচ্চ অসামৰিক বঁটা ‘গ্ৰেণ্ড অৰ্ডাৰ অৱ দ্য চেইন অৱ দ্য ইয়েলো ষ্টাৰ’ লাভ কৰাৰ বাবে ৰাষ্ট্ৰপতিক অভিনন্দন। চুৰিনামৰ চৰকাৰ আৰু জনসাধাৰণৰ এই বিশেষ ইংগিতে আমাৰ দেশসমূহৰ মাজত চিৰস্থায়ী বন্ধুত্বৰ প্ৰতীক”।
দ্ৰৌপদী মুৰ্মুৱে সেই সন্মান লাভ কৰাৰ পিছতে ঘোষণা কৰিলে যে সেয়া তেওঁৰ বাবে সঁচাকৈয়ে অৰ্থপূৰ্ণ ।
ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, “চুৰিনামত ভাৰতীয়ৰ আগমনৰ ১৫০ বছৰীয়া জয়ন্তীৰ ঐতিহাসিক স্মৃতিচাৰণৰ সময়ত এই সজ্জা লাভ কৰাটোৱে ইয়াক অধিক বিশেষ কৰি তোলে । যদি এই সন্মানে আমাৰ দুয়োখন দেশৰ মহিলাসকলৰ বাবে সৱলীকৰণ আৰু উৎসাহৰ পোহৰ হিচাপে কাম কৰে, তেন্তে ই আৰু অধিক অৰ্থপূৰ্ণ হৈ পৰে।”