Local, Vocal, Global

তিনিদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

ডিজিটেল ডেস্ক:- আজি তিনিদিনীয়া কাৰ্যসূচীৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু অসমলৈ আহিব।বিয়লি কাজিৰঙাত উপস্থিত হৈ ৰাষ্ট্ৰপতি গৰাকীয়ে বাগৰি বনাঞ্চলত জীপ ছাফাৰী কৰিব।

কাইলৈ কাজিৰঙাত দুদিনীয়াকৈ আয়োজন কৰা গজ মহোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি গৰাকীক আদৰিবলৈ তিনিগৰাকী জেষ্ঠ মন্ত্ৰী ক্ৰমে অতুল বৰা, অজন্ত নেওগ আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ তত্বাৱধানত প্ৰস্তুতি প্ৰায় সম্পন্ন কৰিছে চৰকাৰী বিভাগ সমূহে।

কাজিৰঙাৰ জীফ চাফাৰি,হাতী ছাফাৰিৰ আনন্দ ল’ব ৰাষ্ট্ৰপতি গৰাকীয়ে।ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু অংশ ল’ব গৌহাটী উচ্চ ন্যায়ালৰ মহাৰজত জয়ন্তীত ।৮ এপ্ৰিলত অংশ ল’ব তেজপুৰ বায়ু সেনাৰ অনুষ্ঠানত।