Local, Vocal, Global

বৰাকত অব্যাহত বাৰ্মিজ গৰু ছিণ্ডিকেট

ডিজিটেল ডেস্ক:- বৰাকত অব্যাহত বাৰ্মিজ গৰু ছিণ্ডিকেট! হাইলাকান্দি আৰক্ষীয়ে নিশা জব্দ কৰিলে ২২টা বৰ্মিজ গৰু! কয়লা, ৰসায়ণিক সাৰ আৰু বাৰ্মিজ চুপাৰীৰ পিছতে এতিয়া বৰাকত আৰম্ভ হৈছে ‘বাৰ্মিজ গৰু’ ছিণ্ডিকেট। প্ৰায় প্ৰতিনিশা প্ৰতিবেশী ৰাজ্য মিজোৰামৰ পৰা বৰাকত প্ৰবেশ কৰে হাজাৰ হাজাৰ বাৰ্মিজ গৰু ।

প্ৰতিবেশী দেশ ম্যানমাৰৰ পৰা মিজোৰাম হৈ আহে বৰাকলৈ। আৰু ইয়াৰ পিছতে ভুৱা নথি-পত্ৰ বনাই বিক্ৰী কৰা হয় দেশৰ বিভিন্ন স্থানত। উপত্যকাৰ বিভিন্ন দল সংগঠনে যোৱা কেইবামাহৰ পৰা এই অভিযোগ সমূহ উত্থাপন কৰি আহিছে।

আৰু এই অভিযোগৰ পিছতে এতিয়া সক্ৰিয় হৈছে আৰক্ষী। যোৱা দুদিনত হাইলাকান্দি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে এনে নথি-পত্ৰবিহীন ২২টা গৰু। হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তৱৰ্তী বিলাইপুৰ হৈ অসমত সোমাবলৈ লওতেই আৰক্ষীয়ে জব্দ কৰে গৰুকেইটা। এই গৰুকেইটাও ম্যানামাৰৰ পৰা অবৈধভাবে আমদানি কৰা হৈছে বুলি অনুমান কৰিছে আৰক্ষীয়ে। কিন্তু বৰাকত নতুনকৈ গঢ়ি উঠা এই গৰু ছিণ্ডিকেটৰ আঁৰত কোন আছে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই।