অন্তঃসত্ত্বা পত্নীক দলঙৰ পৰা নৈত পেলাই হত্যা, অপৰাধৰ ঘটনাক পুনৰ দৃশ্যায়ন

তিনিচুকীয়া জিলাৰ ডুমডুমাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। ডুমডুমা নগৰৰ মাজমজিয়াৰ ডুমডুমা নৈৰ দলঙৰ পৰা পেলাই পত্নীক হত্যাৰ অভিযোগ উত্থাপন হৈছে। ডুমডুমা ৰূপাই চাইডিং প্ৰভাত চাহ বাগিচাৰ গৰুমৰা লাইনৰ শ্বেহবাজ মহম্মদেৰ সৈতে ১৬ মে’ত ডুমডুমা শংকৰদেৱ নগৰৰ কাশ্মীৰি খাতুনৰৰ বিবাহ সম্পন্ন হৈছিল। কিন্তু ৬ আগষ্টৰ মাজনিশাৰ পৰা কাশ্মীৰা সন্ধানহীন হয়। সন্ধানহীনৰ ঘটনা সম্পৰ্কে স্বামীৰ লগতে কাশ্মীৰাৰ পৰিয়ালৰ লোকে ডুমডুমা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। কিন্তু ৮ আগষ্টত ন্যায়ালয়ত স্বামী শ্বেহবাজে পত্নীক নিশা ১২ বজাত ডুমডুমা নদীৰ দলঙলৈ নি হত্যা কৰাৰ কথা নিজ মুখে স্বীকাৰ কৰে। ইয়াৰ পাছতেই ডুমডুমাত চাঞ্চল্যৰ সৃষ্টি হয়। ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী স্বামী শ্বেহবাজক কৰায়ত্ব কৰি আজি হত্যাকাৰী স্বামীক লগত লৈ ঘটনাস্থলীত অপৰাধৰ ঘটনাক পুনৰ দৃশ্যায়ন কৰে। উল্লেখযোগ্য যে,ৰ পিতৃয়ে কাশ্মীৰাক প্ৰায় ২ লাখ ৭০ হাজাৰ টকাও দিছিল। লগতে কিছুদিনৰ পাছতেই নিজ কন্যাক বিদায় দিয়াৰ বাবে পিতৃয়ে বয়-বস্তু যোগাৰ কৰিছিল। এনে ঘটনাক লৈ সমগ্ৰ ডুমডুমাতেই চাঞ্চল্যৰ সৃষ্টি হৈছে। এতিয়া সকলোৱে হত্যাকাৰী স্বামীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে। আজি আৰক্ষীয়ে ডুমডুমা নৈত SDRFৰ সহায়ত মৃতদেহৰ সন্ধানত অভিযান চলাইছে।