Local, Vocal, Global

গৰ্ভৱতী মহিলা আৰু শিশুৰ খাদ্য আঁচনিৰ শুভাৰম্ভ ছয়গাঁৱত

গৰ্ভৱতী মহিলা আৰু তিনি বছৰৰ তলৰ শিশু সকলৰ বাবে লোৱা পুষ্টিকৰ আহাৰ যোগানৰ আঁচনিখনৰ শুকুৰবাৰে ছয়গাঁৱৰ শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত উদ্ধোধন কৰা হয় ৷ এই কাৰ্যসূচী খন উদ্ধোধন কৰে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৷

এই আঁচনিখনে ছয়গাঁৱৰ সংহত শিশু উন্নয়ন প্ৰকল্প আঁচনি কাৰ্যালয়ৰ লগতে গৰৈমাৰীৰো একাংশক লৈ মুঠ ২৯৩ টা অংগনবাড়ী কেন্দ্ৰক সামৰি লোৱা হৈছে ৷

শুকুৰবাৰে বিধায়ক গৰাকীয়ে উদ্ধোধন কৰা এই আঁচনিখনৰ জৰিয়তে মুঠ ২৯৩০ গৰাকী গৰ্ভৱতী মহিলা আৰু ছমাহৰ পৰা তিনিবছৰলৈ মুঠ ৭১১২ গৰাকী শিশু উপকৃত হ’ব ৷ আঁচনিমতে প্ৰতিগৰাকী গৰ্ভৱতী মহিলাক ৪৫ দিনৰ বাবে প্ৰতিদিনে ১২০ গ্ৰামকৈ চাউল আৰু ২৫ গ্ৰামকৈ মটৰ যোগান ধৰা হ’ব ৷

আনহাতে প্ৰতি গৰাকী শিশুকো ৪৫ দিনৰ বাবে প্ৰতিদিনে ৭৫ গ্ৰাম চাউল আৰু ২০ গ্ৰামকৈ মটৰ যোগান ধৰা হ’ব ৷ এই লৈ সৰ্বমুঠ ৩৭২১৫ কিলো চাউল আৰু ১০৬৪৯ কিলো চাউল ৪৫ দিনীয়া আঁচনিখনত খৰচ হ’ব ৷

আঁচনিখন উদ্ধোধন কৰি বিধায়ক গৰাকীয়ে কয় যে সমাজ কল্যাণ বিভাগৰ এনেধৰণৰ আঁচনিবোৰ সকলো ৰাইজে জনাটো প্ৰয়োজন ৷ এই ক্ষেত্ৰত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী তথা অংগনবাড়ীৰ কৰ্মী সকলে ৰাইজক জড়িত কৰাৰ বাবে আহ্বান ৷ গৰ্ভৱতী মহিলা আৰু শিশু বাবে চৰকাৰে লোৱা এই আঁচনিৰ বিতৰণ ব্যৱস্থাটো স্বচ্ছ আৰু নিকা হোৱাটোও বিধায়ক গৰাকীয়ে কামনা কৰে ৷

শুকুৰবাৰৰ এই কাৰ্যসূচীত ছয়গাঁৱৰ চক্ৰ বিষয়া জয়ন্ত বৰা আৰু ছয়গাঁৱৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া পুষ্পাঞ্জলী গোস্বামীও উপস্থিত থাকে ৷