Local, Vocal, Global

পুনৰ ৰন্ধন গেছৰ নাটনিৰ সম্ভাৱনা

নিউজ ডেক্স,২৫ জুলাই : সোমবাৰৰ পৰা সমগ্ৰ ৰাজ্যজুৰি LPG পৰিবহণকাৰীসকলৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট। ইয়াৰ ফলত অসমত ৰন্ধন গেছৰ নাটনিৰ সম্ভাৱনা । এই ধৰ্মঘটৰ বাবে বন্ধ থাকিব উত্তৰ-পূবৰ ৭ টাকৈ প্ৰকল্পৰ পৰিবহন সেৱা।

উত্তৰ-পূব PACKED LPG ট্ৰেন্সপ’ৰ্টাৰ এছ’চিয়েচনৰ  (NEPLTA) IOCL বিষয়াসকলৰ আজি ধৰ্মঘট কাৰ্যসূচী।

থলুৱা পৰিবহনকাৰীক প্ৰৱঞ্চনা কৰাৰ অভিযোগ IOCL কৰ্তৃপক্ষৰ।

অভিযোগ কৰে যে শেহতীয়াকৈ IOCL কৰ্তৃপক্ষই পৰিবহণকাৰী সংস্থাই উত্থাপন কৰা সমস্যাসমূহৰ সমাধান নকৰি বিভিন্ন LPG বটলিং প্লাণ্টৰ বাবে নিবিদা আহ্বান কৰিছিল।

তেওঁ কয় যে আমি IOCL ক নিবিদা জাননী বাতিল কৰিবলৈ অনুৰোধ জনাইছিলো যদিও তেওঁলোকৰ ফালৰ পৰা কোনো সঁহাৰি পোৱা নগ’ল। সেয়েহে আমি সোমবাৰৰ পৰা ধৰ্মঘট কৰিবলৈ বাধ্য হৈছো।


পৰিবহণকাৰী সংস্থাটোৱে আৰু অভিযোগ কৰে যে ২০১৪ চনৰ পৰা IOCL এ পৰিবহণৰ হাৰ সংশোধন কৰা নাই যাৰ বাবে পৰিবহণকাৰীসকলে আৰ্থিক লোকচান বহন কৰিবলগীয়া হৈছে।

উল্লেখযোগ্য় যে, এই ধৰ্মঘটৰ সমৰ্থনত বন্ধ থাকিব উত্তৰ গুৱাহাটী, তিনিচুকীয়া, গোপনাৰী, সৰপাৰা, বঙাইগাঁও, ডিমাপুৰ, ছেকমাই, শিলচৰ, দুলীয়াজান, নগাঁও, আগৰতলা, বিশালগড় আদিৰ এলপিজি প্লাণ্ট। বন্ধৰ ফলত বটলিং প্লান্টত আবদ্ধ হৈ পৰে কেইবা সহস্ৰাধিক অধিক ৰন্ধন গেছ কঢ়িওৱা বাহন।