Local, Vocal, Global

সংকটজনক অৱস্থাৰ পৰা মুক্ত জনপ্ৰিয় কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱ

নিউজ ডেস্ক, ২০ আগষ্ট : শনিবাৰে ভাৰতৰ জনপ্ৰিয় কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ (Raju Srivastava) ভাতৃ দীপু শ্ৰীবাস্তৱে অভিনেতাজন সংকটজনক অৱস্থাৰ পৰা মুক্ত হোৱাটো নিশ্চিত কৰে।

কৌতুক অভিনেতাজন ১০ আগষ্টত হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (All India Institute of Medical Sciences , AIIMS) ত ভেণ্টিলেটৰত (ventilator) আছিল।

ইয়াৰ আগতে ১৮ আগষ্টত তেওঁৰ অৱস্থাৰ অৱনতি ঘটিছিল আৰু জীৱন সহায়ত আছিল।

ভাতৃ দীপুৱে এটা ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰি কৈছে যে ৰাজু এতিয়াও চিকিৎসালয়ত আছে আৰু চিকিৎসাৰ প্ৰতি সঁহাৰি জনাইছে।।

শ্ৰীবাস্তৱ দেশৰ অন্যতম প্ৰসিদ্ধ আৰু সফল কৌতুক অভিনেতাসকলৰ অন্যতম। তেওঁ ১৯৮০ ৰ দশকৰ শেষৰ ফালৰ পৰা মনোৰঞ্জন ব্যৱসায়ত আছে।

বৰ্তমান, তেওঁ উত্তৰ প্ৰদেশৰ চলচ্চিত্ৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।