Local, Vocal, Global

মানকাচাৰৰ কঠালবাৰীত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

নিউজ ডেস্ক, ২৯ জুলাই : প্ৰশাসনে বাধা প্ৰদান কৰা স্বত্বেও ৰাজ্যত বৰ্তমানেও অব্যাহত আছে বাল্য বিবাহ। এইবাৰ মানকাচাৰৰ কঠালবাৰীত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

অভিযানত গ্ৰেপ্তাৰ হৈছে এজন অভিভাৱক। ধৃত অভিভাৱক জনক আনোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে।

ধৃত অভিভাৱকজনে যোৱা ১৫ জুলাই তাৰিখে নিজৰ নাবালিকা জীয়েকক বাল্য বিবাহ দিছিল।

মানকাচৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি আজি ফেকামৰী জিলা সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰিছে।

বিবাহ কৰোৱা কাজী আব্দুল ওহাব বৰ্তমানে পলায়ন কৰিছে।

আনহাতে, নাবালিকা কিশোৰী জনীকো আৰক্ষীয়ে আটক কৰি সোধা পোঁছা কৰি ঘৰলৈ যাবলৈ দিছে।

উল্লেখ্য যে, কিশোৰী গৰাকীৰ স্বামী সহ স্বামীৰ পৰিয়ালৰ সদস্য সকলো পলায়ন কৰি আছে।