Subhalakshmi Dutta case : যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা শুভলক্ষ্মী দত্ত !
নিউজ ডেস্ক, ৫আগষ্ট : গ্ৰেপ্তাৰ হোৱা সম্ভাৱনা শুভলক্ষ্মী দত্ত। শুভলক্ষ্মী দত্তক বিচাৰি মহানগৰীত শিৱসাগৰ আৰক্ষীৰ অভিযান।আৰক্ষী অহাৰ উমান পাই পলায়ন শুভলক্ষ্মী।
শুভলক্ষ্মীক বিচাৰি গুৱাহাটীত উপস্থিত শিৱসাগৰ আৰক্ষীৰ দল। প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ ঘৰত আৰক্ষীয়ে চলাই অভিযান। বিধায়কগৰাকীৰ ছয়মাইলস্থিত বাসগৃহত আৰক্ষীয়ে চলালে অভিযান। বিধায়কগৰাকীৰ ঘৰত শুভলক্ষ্মী দত্তই আত্মগোপন কৰি থকাৰ সন্দেহত অভিযান। আৰক্ষী অহাৰ উমান পাই আৰক্ষীৰ চকুত ধূলি দি পলায়ন শুভলক্ষ্মীৰ ।বনকৰা মহিলা নিৰ্যাতন চলোৱাৰ অভিযোগ আছে শুভলক্ষী দত্তৰ বিৰুদ্ধে। অনিমা প্ৰজাৰ নামৰ বনকৰা মহিলাগৰাকীৰ গাত গৰম পানী ঢালি দিয়াৰ অভিযোগত নিলম্বিত হৈছিল ASP শুভলক্ষ্মীয়ে(Subhalakshmi Dutta case) ।
উল্লেখ্য যে, অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীৰ কাণ্ডই জোকাৰি গৈছিল ৰাজ্যৰ সচেতন মহলক ৷ শুভলক্ষ্মী দত্তই তেওঁৰ ঘৰত বনকৰা এগৰাকী কিশোৰীৰ শৰীৰত গৰম পানী ঢালি অত্যাচাৰ চলোৱাৰ জঘন্য ঘটনা পোহৰলৈ আহিছিল ৷ এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এই ঘটনা পোহৰলৈ অহাৰ পাচতেই দত্তৰ বিৰুদ্ধে মুখ খুলিছিল তেওঁৰ দ্বাৰা নিৰ্যাতিত হোৱা ভুক্তভোগীয়ে ।
বনকৰা মহিলাক নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই শুভলক্ষ্মী দত্তক গৃহ বিভাগে ৰিজাৰ্ভ ক্লজ কৰিলে যদিও আৰক্ষী বিষয়াগৰাকীক কঠোৰ শাস্তি দিবলৈ ৰাজ্যবাসীয়ে দাবী উত্থাপন কৰিছিল ৷ শনিবাৰে অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মীৰ দত্তৰ নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগী মহিলা গৰাকী সুস্থ হোৱাত চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰিলে চিকিৎসালয় কৰ্তৃপক্ষই ৷ ডিব্ৰুগড়ৰ আস্থা হাস্পতালত সংকটজনক অৱস্থাত ২৮ আগষ্টৰ পৰা চিকিৎসাধীন হৈ আছিল লক্ষীমপুৰ জিলাৰ ভুক্তভোগী মহিলাগৰাকী(Police officer Subhalakshmi Dutta accused of torturing house help ) ৷
শনিবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ পৰত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে নিৰ্যাতিতা মহিলাগৰাকীয়ে পুনৰ আনিলে বিস্ফোৰক অভিযোগ ৷ ভুক্তভোগী মহিলাগৰাকীয়ে দিয়া গোচৰ প্ৰত্যাহাৰৰ বাবে বাৰে বাৰে ফোনযোগে হেঁচা দিয়াৰ অভিযোগ অভিযুক্ত শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে ৷ আনকি অভিযুক্ত মহিলা আৰক্ষী বিষয়াগৰাকীয়ে ধনৰ লালসা দিয়া বুলিও অভিযোগ কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে ৷ অতি অমানৱীয়ভাৱে নিৰ্যাতন চলোৱাৰ পিছতো স্বাস্থ্যৰ বুজ ল’বলৈকো মানৱীয় সহানুভূতি নথকা শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে আক্ষেপ প্ৰকাশ কৰিলে ভুক্তভোগী মহিলাগৰাকীয়ে ৷ইফালে নিৰ্যাতনৰ পিছৰে পৰা চিকিৎসালয়ৰ ব্যয় কোনে বহন কৰিছে সেই বিষয়ে অজ্ঞাত ভুক্তভোগীৰ পৰিয়াল ৷
ইয়াৰ পাছতে মঙলবাৰে মহানগৰীৰ গুৱাহাটীত শুভলক্ষ্মীক বিচাৰি অভিযান চলাই আৰক্ষীয়ে। জানিব পৰা মতে অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক :Bypolls 2023 : ছয়খন ৰাজ্যৰ ৭ খন বিধানসভাৰ আসনৰ বাবে উপ-নিৰ্বাচন