Local, Vocal, Global

এনকাউণ্টাৰ, দুৰ্ধৰ্ষ ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ ৰাজ্যত পুনৰ এনকাউণ্টাৰ। এইবাৰ নলবাৰীত গৰজিল আৰক্ষীৰ আগ্নেয়াস্ত্ৰ।নলবাৰীত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।

আৰক্ষীৰ গুলীত আহত হয় ডকাইত দিলবাৰ আলী। নলবাৰীৰ কাপলাবড়ীত নিশা সংঘটিত হয় এই এনকাউণ্টাৰৰ ঘটনা।

আৰক্ষীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল কুখ্যাত ডকাইতটোয়ে। ইয়াৰপিছতেই আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়।

ডকাইত দিলবৰৰ আক্ৰমণত আহত হয় দৌলাশাল আৰক্ষী চকীৰ SI সুৰজিত কাঠাৰ। আহত দিলবাৰ আলীক নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে, ডকাইত দিলবাৰ আলী নলবাৰীৰ ট্ৰাক হাইজেক কাণ্ডত জড়িত আছিল জানিব পৰা গৈছে।