বিশ্বনাথ চাৰিআলিত পুনৰ অপৰাধীলৈ আৰক্ষীৰ গুলী
নিউজ ডেস্ক, ৩০ মে’- অসমত আৰক্ষীৰ এনকাউণ্টাৰ আৰু গুলীচালনা সম্পৰ্কীয় বিতৰ্কৰ মাজতে আজি বিশ্বনাথ জিলাত আৰক্ষীয়ে গুলীচালনা কৰাৰ ফলত আন এজন অভিযুক্ত আহত হয়।
গঁড়ৰ চোৰাং চিকাৰত জড়িত থকাৰ অভিযোগত ২৮ মে’ত নগাঁও জিলাৰ জুৰিয়া চহৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল কুখ্যাত গঁড় চিকাৰী জাকিৰ হুছেইন ওৰফে জাগিৰক।
আৰক্ষীৰ মন্তব্য অনুসৰি, জাকিৰ হুছেইন নিহত কুখ্যাত গঁড় চোৰাং চিকাৰী নালকুৰ সহযোগী।
খবৰ অনুসৰি, হুছেইনে তেওঁ নিজৰ অস্ত্ৰ-শস্ত্ৰ লুকুৱাই ৰখা এটা স্থান দেখুৱাবলৈ নিয়াৰ সময়ত পলায়নৰ চেষ্টা কৰিছিল।
তেওঁক বাধা দিবলৈ অসম আৰক্ষীয়ে তেওঁৰ ভৰিত গুলী মাৰিব লগা হৈছিল আৰু তাৰ ফলত তেওঁ আঘাতপ্ৰাপ্ত হয়।
গুলীবিদ্ধ হুছেইনক তৎক্ষণাৎ চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল।