Local, Vocal, Global

বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্তৰ দুৰ্ঘটনাত মৃত্যু

নিউজ ডেস্ক, ৩০ মে’- বাটদ্ৰৱা আৰক্ষী থানাৰ অগ্নিসংযোগ গোচৰৰ মুখ্য অভিযুক্ত আশ্বিকুল ইছলামৰ দেওবাৰে ২৯ মে’ নিশা এক পথ দুৰ্ঘটনাত মৃত্যু হয়।

বাতৰি অনুসৰি, আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰোঁতে তেওঁৰ মৃত্যু হয়।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত নগাঁও আৰক্ষীয়ে অভিযান চলাই ইছলামৰ বাসগৃহৰ পৰা উভতি আহিছিল।

আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰোঁতে, তেওঁ প্ৰথম বাহনখনৰ পিছে পিছে যোৱা দ্বিতীয় খন আৰক্ষীৰ বাহনৰ দ্বাৰা খুন্দা খাই দুৰ্ঘটনা পতিত হয় ।


আৰক্ষীৰ ভাষ্য অনুসৰি ইছলামৰ বাসগৃহৰ পৰা তেওঁলোকে এটা ৯ এমএম পিষ্টল আৰু ৭ ৰাউণ্ড সক্ৰিয় গুলী পাইছিল।

ঘটনাৰ দিনা ৰঙা টি চাৰ্ট পৰিধান কৰি এইজন আশ্বিকুল ইছলামেই মহিলাসকলক থানা জ্বলাই দিয়াৰ উচটনি দিছিল মহিলাসকলকল।


মহিলাসকলক উচটনি দিয়াৰ সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হৈছিল কেমেৰাত। ঘটনাৰ পিছৰ পৰাই পলাতক হৈ আছিল ধৃত আশ্বিকুল ইছলাম ।

বটদ্ৰৱা কাণ্ডৰ লগত জড়িত সকলক আৰক্ষীয়ে অতি ক্ষীপ্ৰতাৰে গ্ৰেপ্তাৰৰ কৰিছিল। আৰক্ষীৰ ৰূপ দেখি দেওবাৰে নগাঁৱত আত্মসমৰ্পন কৰিছিল আশ্বিকুল ইছলামে ।

ধৃত আশ্বিকুল ইছলামৰ ঘৰ নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত সোনাইবেৰা গাঁৱত ।