Police encounter in Garhbhanga: মহানগৰীৰ গড়ভঙাত আৰক্ষীৰ এনকাউণ্টাৰ

নিউজ ডেস্ক,২১জানুৱাৰী : মহানগৰীৰ গড়ভঙাত আৰক্ষীৰ এনকাউণ্টাৰ।
ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।
আৰক্ষী বিষয়াৰ পিষ্টল কাঢ়ি পলাবলৈ লওঁতেই আৰক্ষীয়ে কৰে গুলীচালনা।
এনকাউণ্টাৰ কৰা ডকাইতটোৰ নাম জ্যোতিদীপ মজুমদাৰ বুলি জানিব পৰা গৈছে(Police encounter in Garhbhanga)।
চেইন চুৰি, ম’বাইল চুৰিৰ গোচৰত অভিযুক্ত জ্যোতিদীপ মজুমদাৰ।
পল্টন বজাৰত চেইন চুৰিৰ অভিযোগত কৰায়ত্ত কৰা হৈছিল জ্যোতিদীপক।
জ্যোতিদীপৰ ঘৰ মহানগৰীৰ বীৰুবাৰীত।
আহত ডকাইতটোক প্ৰথমে মইনা খোৰোং হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
লগতে পঢ়ক:Seven dead in Bihar after consuming spurious liquor:বিষাক্ত সুৰা সেৱন কৰি মৃত্যু ৭জনকৈ লোকৰ