Local, Vocal, Global

Viral phone call: ভাইৰেল হোৱা ক’ল ৰেকৰ্ডিঙৰ প্ৰসংগত কি কলে গাড়ীচালক অনিল ভূঞাই

নগাঁও, ১৯ মে’ : অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ বাহনৰ দুৰ্ঘটনা আৰু মৃত্যুয়ে ক্ৰমাৎ অধিক ৰহস্যঘন হৈ পৰিছে (Junmoni Rabha death incident) । জোনমণিৰ মৃত্যু সন্দৰ্ভত নিতৌ উন্মোচিত হৈছে ন ন তথ্য । ইতিমধ্যে এই তথ্যবোৰে এক পৰিকল্পিত হত্যাকাণ্ডৰ ইংগিত বহন কৰিছে ৷ (Mysterious accident of Junmoni Rabha) । অৱশ্যে এই সকলোবোৰ এতিয়াও হৈ আছে কেৱল অনুমান মাত্ৰ । এই লৈ সংবাদ মাধ্যম, সামাজিক মাধ্যমকে ধৰি সৰ্বত্ৰে জোনমণি দাসৰ মৃত্যু সন্দৰ্ভত ভাইৰেল হৈছে এটা চাঞ্চল্যকৰ ফোন কল ৰেকৰ্ডিং (Sensational phone call recording goes viral) ।

ইতিমধ্যে ভাইৰেল হোৱা এই ক’ল ৰেকৰ্ডিংটো নিজৰ বুলি স্বীকাৰ কৰিছে নগাঁও আৰক্ষীত কৰ্মৰত গাড়ীচালক অনিল ভূঞা নামৰ কৰ্মচাৰীজনে (v) । এই সন্দৰ্ভত সাংবাদিকৰ আগত মুখ খুলিছে গাড়ীচালক অনিল ভূঞাই । তাৎপৰ্যপূৰ্ণভাৱে ফোন ক’লত সংবাদ ক্ষেত্ৰৰ লগত জড়িত ভাগিনীয়েককহে নিজৰ মনৰ ধাৰণাৰ কথা কোৱা বুলি উল্লেখ কৰিলে অনিল ভূঞাই ।

উল্লেখ্য যে, বৃহস্পতিবাৰে ভাইৰেল হোৱা এই চাঞ্চল্যকৰ ফোন কলটোত উল্লেখ আছিল বহু বিস্ফোৰক কথা (Viral phone call contained many sensational issue) । কিন্তু ফোন কলটোক লৈ সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি হোৱাৰ সময়তে সাংবাদিকৰ কেমেৰাৰ সন্মুখত মুখ খোলিলে আৰক্ষীৰ গাড়ীচালক অনিল ভূঞাই ।

উল্লেখ্য যে, যোৱা 16 মে’ৰ নিশা জখলাবন্ধাত দুৰ্ঘটনাত পতিত হৈ মৃত অৱস্থাত তেওঁৰ নিজা বাহনৰ ভিতৰত উদ্ধাৰ হৈছিল নগাঁৱৰ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃতদেহ ৷ এই মৃত্যুক সহজে মানি ল’ব পৰা নাই জোনমণিৰ পৰিয়ালৰ লোকে ৷ সমগ্ৰ ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ডৰ আখ্যা দিছে জোনমণিৰ পৰিয়ালে ৷ একে ধৰণে এই মৃত্যুক সহজভাৱে মানি ল’ব পৰা নাই জোনমণি ৰাভাৰ সতীৰ্থ কৰ্মচাৰীসকলেও ।

এই ঘটনাই সামাজিক মাধ্যম, সংবাদ মাধ্যমৰ লগতে সৰ্বত্ৰে তীব্ৰ চৰ্চা হোৱাৰ পিছতে মঙলবাৰে এই ৰহস্যজনক ঘটনাটোৰ তদন্তৰ দায়িত্ব চি আই ডিক অৰ্পণ কৰিছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ৷ সেই অনুসৰি বুধবাৰে আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত নগাঁও আৰু লখিমপুৰত পৃথকে পৃথকে উপস্থিত হৈছেগৈ চি আই ডিৰ তদন্তকাৰী দল (CID probe into Junmoni Rabha death)৷

ইতিমধ্যে বৃহস্পিতবাৰে নগাঁৱৰ আৰক্ষীৰ অতিথিশালাত হয়বৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিষয়া আভাজ্যোতি ৰাভা, মৰিকলং থানাৰ 5 গৰাকী কনিষ্টবল আৰু নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ৰাজবংশী, আৰক্ষী অধীক্ষক লীনা দ’লে, মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব লাভ কৰা মনোজ বৰুৱাকে আদি কৰি বহুকেইগৰাকী আৰক্ষীৰ বিষয়া জোৱানক জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Postmortem report reveals: জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষা কৰি কি পালে চিকিৎসকে ?