Local, Vocal, Global

অসমৰ সতৰ্কতা সঞ্চালকালয় আৰু দুৰ্নীতি বিৰোধী বিভাগৰ অভিযানত গ্ৰেপ্তাৰ আৰক্ষী

নিউজ ডেস্ক, ৭ আগষ্ট : ৰাজ্যত অব্যাহত আছে দুৰ্নীতিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অসমৰ সতৰ্কতা সঞ্চালকালয় আৰু দুৰ্নীতি বিৰোধী বিভাগৰ এটা দলে দেওবাৰে উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত এজন আৰক্ষীক গ্ৰেপ্তাৰ কৰে।

চাবিন পাল দাস বুলি চিনাক্ত কৰা অভিযুক্তজন গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক (ASI)।

এই গোচৰসন্দৰ্ভত টুইটাৰযোগে বিশেষ ডিজিপি আইন-শৃংখলা ৰক্ষা কৰি জি পি সিঙে টুইট কৰে, “আমি আনকি আমাৰ Assam Police কৰ্মচাৰীকো এৰি নিদিওঁ। আজি Directorate of Vigilance and Anti-Corruption ,ASSAM উৎকোচৰ ধন গ্ৰহণ কৰি থকা অৱস্থাত আৰক্ষী থানা কমপ্লেক্সৰ ভিতৰত Goalpara Police মাটিয়া আৰক্ষী থানাৰ ASI শ্ৰী চাবিন পাল দাসক আটক কৰে। আইনী ব্যৱস্থা লোৱা হৈছে।”

আৰক্ষীৰ ব্যক্তিজনৰ বিৰুদ্ধে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিছে ।