Local, Vocal, Global

বজালীত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন লোক

নিউজ ডেস্ক, ৭ আগষ্ট : বজালী আৰু নলবাৰী আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযানত শনিবাৰে অসম আৰক্ষীয়ে বজালী জিলাত এজন লোকক গ্ৰেপ্তাৰ কৰে আৰু তেওঁৰ দখলৰ পৰা ৯২.৫৫০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে।

সূত্ৰৰ পৰা খবৰ পোৱাৰ পিছত আৰক্ষীয়ে এখন দোকানত তালাচী অভিযান চলাইছিল। আৰু কৈলাশ দাস নামৰ অভিযুক্তজনক বজালীৰ Mahtali  গাঁৱত আটক কৰা হৈছিল।

জব্দ সন্দৰ্ভত অসম আৰক্ষীয়ে টুইট কৰি জনায় , “বজালী আৰু নলবাৰী আৰক্ষীয়ে বজালী জিলাৰ মাহতলী গাঁৱত যুটীয়া অভিযান চলাইছিল। শ্ৰী কইলাশ দাসৰ দোকানত তালাচী অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে তেওঁৰ দখলৰ পৰা ৯২.৫৫০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে আৰু সেই অনুসৰি গ্ৰেপ্তাৰ কৰে।”