২১জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে

নিউজ ডেস্ক, ২২ মে’- ২৪ ঘণ্টাৰ ভিতৰত এক্সনত নামিল অসম আৰক্ষী।পুৱাই আৰক্ষী বাহিনীৰ সৈতে শালনবাড়ীত উচ্ছেদ। বটদ্ৰৱা কাণ্ডৰ দুই অভিযুক্তৰ ঘৰ সম্পূৰ্ণৰূপে ভাঙি পেলালে প্ৰশাসনে। ছফিকুলৰ আত্মীয় আৰু মজিবুৰৰ ঘৰত প্ৰশাসনে চলালে উচ্ছেদ অভিযান । অভিযুক্তৰ দুটাকৈ ঘৰ ভাঙি দিলে প্ৰশাসনে।কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চলিল প্ৰশাসনৰ উচ্ছেদ।
বটদ্ৰৱা কাণ্ডত জড়িতৰ অভিযোগত এইপৰ্যন্ত ২১জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ বাহনত পেট্ৰ’ল ঢালি অগ্নিসংযোগ কৰা মহিলাগৰাকীকো গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অগ্নিসংযোগ কৰা মহিলাগৰাকীৰ লগতে আন তিনি মহিলাকো। বাহনত পেট্ৰ’ল ঢালি জ্বলাই দিয়াৰ দৃশ্য বন্দী হৈছিল কেমেৰাত। ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ঘটনা সংঘটিত হোৱা স্থানত অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে।