Local, Vocal, Global

PM Modi pays tribute to APJ Abdul Kalam : প্ৰাক্তন ৰাষ্ট্ৰপতি ড৹ এ পি জে আব্দুল কালামক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক, ১৫অক্টোবৰ : আজি মিছাইল মেন ড৹ এ পি জে আব্দুল কালামৰ ৯২ সংখ্যক জন্ম জয়ন্তী । প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
কৰে ।

আজিৰ দিনটোতে ৰামেশ্বৰমত জন্মগ্ৰহণ কৰিছিল জীৱনজোৰা ত্যাগেৰে ভাৰতলৈ সুনাম কঢ়িয়াই অনা ভাৰতৰ একাদশগৰাকী ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে( Former President Dr APJ Abdul Kalam)।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ব্যতিক্ৰমী বৈজ্ঞানিক প্ৰতিভা আৰু নম্ৰ আচৰণৰ বাবে তেওঁক ৰাইজে কেনেদৰে ভাল পাইছিল তাৰ বাবে প্ৰশংসা কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক্স(পূৰ্ব টুইটাৰ)ৰ এটা পোষ্টত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ অতুলনীয় অৱদানৰ বিষয়ে প্ৰশংসা কৰে(PM Modi Pays Tribute To Former President Dr APJ Abdul Kalam) ।

উল্লেখ্য যে এগৰাকী এৰোস্পেচ বিজ্ঞানী হিচাপে কালামে ভাৰতৰ দুটা মুখ্য মহাকাশ গৱেষণা সংস্থা ক্ৰমে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’) আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ সৈতে কাম কৰিছিল । তেওঁ ভাৰতৰ প্ৰথম উপগ্ৰহ উৎক্ষেপণ বাহন (এছএলভি) বিকশিত কৰাৰ ক্ষেত্ৰত নেতৃত্ব দিছিল ।

১৯৮০ৰ দশকত যেতিয়া ভাৰতে নিজৰ থলুৱা উপগ্ৰহ উৎক্ষেপণ বাহনৰ (এছএলভি) সপোন দেখিছিল, ইছৰোত ইয়াৰ প্ৰকল্প সঞ্চালক হিচাপে ড০ কালামৰ ১০ বছৰতকৈও অধিক কঠোৰ পৰিশ্ৰমৰ ফলত এই উন্নয়ন সংঘটিত হৈছিল ।

কালামে ডেভিল এণ্ড ভেলিয়েণ্ট প্ৰকল্পৰ নেতৃত্ব দিছিল যাৰ সফল এছএলভি কাৰ্যসূচীৰ আঁৰত থকা প্ৰযুক্তি ব্যৱহাৰ কৰি বেলিষ্টিক মিছাইল বিকশিত কৰাৰ লক্ষ্য আছিল । অন্যান্য প্ৰকল্পৰ উপৰিও কালামৰ অধীনত সদস্যসকলে অগ্নিকে ধৰি বহুতো মিছাইল বিকশিত কৰিছিল যি হৈছে এক মধ্যৱৰ্তী দূৰত্বৰ বেলিষ্টিক মিছাইল আৰু পৃথ্বী যি হৈছে অন্যতম মিছাইল(PM Modi pays tribute to APJ Abdul Kalam ) ।

তদানীন্তন প্ৰধানমন্ত্ৰীৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি কালামে পোখৰণ-২ পাৰমাণৱিক পৰীক্ষাৰ নেতৃত্ব দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । যাৰ ফলত তেওঁ সেই সময়ত দেশৰ সৰ্বশ্ৰেষ্ঠ পাৰমাণৱিক বিজ্ঞানী হিচাপে পৰিচিত হৈছিল ।

১৯৯২ চনৰ জুলাইৰ পৰা ১৯৯৯ চনৰ ডিচেম্বৰলৈকে কালামৰ তত্বাৱধানত হোৱা পাৰমাণৱিক পৰীক্ষাই ভাৰতক এখন পাৰমাণৱিক সশস্ত্ৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলে ।২০১৫ চনৰ ২৭ জুলাইত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট শ্বিলঙত বক্তৃতা প্ৰদান কৰি থকা সময়তে কালাম হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ।

তেওঁৰ অৱদানক এতিয়াও দেশৰ কিছুমান শ্ৰেষ্ঠ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত বিকাশ হিচাপে স্মৰণ কৰা হয়(Prime Minister pays tribute to APJ Abdul Kalam on his birth anniversary) ।

লগতে পঢ়ক :Sensational Incident : এক লোমহৰ্ষক হত্যাকাণ্ড , চোকা অস্ত্ৰৰে স্বামীয়ে হত্যা কৰিলে পত্নীক