PM Narendra Modi to campaign in Assam : আজি নলবাৰীলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক,১৭ এপ্ৰিল : আজি নলবাৰীলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নলবাৰীৰ বৰকুৰাত বিশাল পথাৰত জনসভাত অংশ ল’ব প্ৰধানমন্ত্ৰী গৰাকীয়ে।
মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ কাৰ্যসূচীত অংশ লব প্ৰধানমন্ত্ৰীগৰাকীয়ে(PM Narendra Modi to campaign in Assam)।
প্ৰাপ্ত খবৰ অনুসৰি, কেইবা লক্ষ লোকক সমাগমেৰে এই সভাখন অনুষ্ঠিত হব। নলবাৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বৰকুৰাৰ বিশাল কৃষিভূমিত অনুষ্ঠিত হ’ব এই নিৰ্বাচনী সভাখন। প্ৰধানমন্ত্ৰী আগমনৰ উপলক্ষে তিনিখনকৈ অস্থায়ী হেলিপেড নিৰ্মাণ কৰা হৈছে বৰকুৰাৰ কৃষিভূমিত।