Tirupati stampede: অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত শোকাৱহ পদপিষ্টৰ ঘটনাত মৃত্যু হোৱা লোকসকলৰ বাবে গভীৰ শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
নেশ্যনেল ডেস্ক,৯জানুৱাৰী : বুধবাৰে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিৰ বিষ্ণু নিৱাসমৰ ওচৰত সংঘটিত হোৱা শোকাৱহ পদপিষ্টৰ ঘটনাত প্ৰাণ হেৰুওৱা ব্যক্তিসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(PM Narendra Modi expresses grief over loss of lives in Tirupati stampede) ।
প্ৰধানমন্ত্ৰী মোদীয়ে ঘটনা সন্দৰ্ভত কয় যে ৰাজ্য চৰকাৰে ঘটনাটোৰ ভুক্তভোগীসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াই আছে ।
সামজিক মাধ্যম X ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লিখিছে, “অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত হোৱা পদপিষ্টৰ ঘটনাত দুখ পাইছো । যিসকলে তেওঁলোকৰ আত্মীয় লোকসকলক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা । মই প্ৰাৰ্থনা কৰো যে আঘাতপ্ৰাপ্তসকল সোনকালে আৰোগ্য হওক । অন্ধ্ৰপ্ৰদেশ চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে ।”
আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও এই ঘটনাত শোক প্ৰকাশ কৰিছে । লগতে তিৰুপতিৰ পদপিষ্টৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে । অমিত শ্বাহে আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবেও প্ৰাৰ্থনা কৰে(Tirupati stampede) ।
অমিত শ্বাহে X পোষ্টত কয় যে, ‘‘তিৰুপতি মন্দিৰত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাত দুখ পাইছো । মৃতকৰ পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা । আঘাতপ্ৰাপ্তসকল অতি সোনকালে আৰোগ্য হওক । তিৰুপতি বিষ্ণু নিৱাসমৰ টিকট কাউণ্টাৰত সংঘটিত পদপিষ্টৰ ঘটনাত মই গভীৰভাৱে হতবাক হৈছো । এই দুৰ্ভাগ্যজনক ঘটনাটোত প্ৰাণ হেৰুওৱা ভক্তসকলৰ আত্মাৰ বাবে মই প্ৰাৰ্থনা জনাইছো । মই আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ ।”
উল্লেখ্য যে বুধবাৰে সন্ধিয়া অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিৰ বিষ্ণু নিৱাসমৰ ওচৰত সংঘটিত পদপিষ্টৰ ঘটনাত প্ৰায় ছয়জন লোকে প্ৰাণ হেৰুৱায় আৰু আন কেইবাজনো লোক আহত হয় । ঘটনাটো তিৰুমালা শ্ৰীবাৰী বৈকুণ্ঠ দ্বাৰ টিকট কাউণ্টাৰৰ ওচৰৰ বিষ্ণু নিৱাসমৰ ওচৰত সংঘটিত হৈছিল । মন্দিৰ দৰ্শনৰ টোকেন বিতৰণৰ সময়ত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় ।