Manoj Kumar Goswami:জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক মনোনীত
নিউজ ডেস্ক,৯জানুৱাৰী : জনপ্ৰিয় সাহিত্যিক, জ্যেষ্ঠ সাংবাদিক আৰু সম্পাদক মনোজ কুমাৰ গোস্বামীক গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ অতিথি অধ্যাপক হিচাপে মনোনীত । জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ভাষা-সাহিত্য আৰু সাংবাদিকতাৰ বিষয়েও বিশ্ববিদ্যালয়খনত পাঠদান কৰিব(Manoj Kumar Goswami)।
২০২২চনৰ সাহিত্য অকাডেমী বঁটা বিজয়ী গোস্বামী এটা চেটেলাইট চেনেলৰ মুখ্য সম্পাদক আৰু দৈনিক বাতৰি কাকতৰো মুখ্য সম্পাদকৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰি আছে।
ভাষা সাহিত্যক লৈ গোস্বামীৰ গভীৰ চৰ্চা আৰু দীৰ্ঘ দিনৰ সাংবাদিকতাৰ অভিজ্ঞতাই বিশ্ববিদ্যালয়খনিৰ শিক্ষাৰ্থীসকলক উপকৃত কৰিব বুলি আশা কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননীগোপাল মহন্তয়ো এক পত্ৰযোগে আশা প্ৰকাশ কৰিছে যে ভিজিটিং প্ৰফেছাৰ হিচাপে মনোজ কুমাৰ গোস্বামীৰ যোগদানে ৰাজ্যৰ শীৰ্ষতম শিক্ষানুষ্ঠানখনৰ গৱেষক, ফেকাল্টিসকলৰ সৈতে ভাৱ বিনিময়ৰ জড়িয়তে শৈক্ষিক ক্ষেত্ৰখন সমৃদ্ধ কৰিব(Manoj Kumar Goswami Appointed Visiting Professor at Gauhati University)।
লগতে পঢ়ক :Unidentified Body Found in Biswanath: বিশ্বনাথৰ ছোৱাগুৰিৰ ১ নং মথাউৰিত উদ্ধাৰ অচিনাক্ত মৃতদেহ