Vande Bharat Express Launch : আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব ৯ খনকৈ বন্দে ভাৰত ৰে’ল

নেশ্যনেল ডেস্ক,২৪ছেপ্টেম্বৰ : ২৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী উদ্বোধন কৰিব বন্দে ভাৰত ৰে’ল(Vande Bharat Express Launch) । ২৪ ছেপ্টেম্বৰ অৰ্থাত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব ৯ খনকৈ বন্দে ভাৰত ৰে’ল ।দেওবাৰে দিনৰ ১২.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উদ্বোধন কৰিব বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল । 11 খন ৰাজ্যত উদ্বোধন বন্দে ভাৰত ৰে’ল(PM Modi to flag off 9 Vande Bharat Express trains in 11 states today) ।
এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিব পৰা অনুসৰি, ১১ খনকৈ ৰাজ্যত উদ্বোধন কৰিবলগীয়া এই ৰেলকেইখনৰ সংযোজনে ৰে’ল যাত্ৰীসকলক সুবিধা প্ৰদানৰ কৰিব ।ট
উদ্বোধন হ’বলগীয়া ৯ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল হ’ল ক্ৰমে, উদয়পুৰ–জয়পুৰ বন্দে ভাৰত এক্সপ্ৰেছ, তিৰুনেলভেলী-মাদুৰাই-চেন্নাই বন্দে ভাৰত এক্সপ্ৰেছ, হায়দৰাবাদ–বেংগালুৰু বন্দে ভাৰত এক্সপ্ৰেছ, বিজয়াৱাড়া–চেন্নাই বন্দে ভাৰত এক্সপ্ৰেছ, পাটনা–হাওৰা বন্দে ভাৰত এক্সপ্ৰেছ, কাছাৰগোড়-তিৰুৱনন্তপুৰম বন্দে ভাৰত এক্সপ্ৰেছ, ৰুড়কেলা-ভুৱনেশ্বৰ–পুৰী বন্দে ভাৰত এক্সপ্ৰেছ, ৰাঁচী–হাওৰা বন্দে ভাৰত এক্সপ্ৰেছ, জামনগৰ-আহমেদাবাদ বন্দে ভাৰত এক্সপ্ৰেছ( PM Modi to flag off 9 Vande Bharat Express trains in 11 states today) ।
এই ৯ খনকৈ ৰেলে ৰাজস্থান, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, বিহাৰ, তেলেংগানা, পশ্চিমবংগ, কেৰালা, ঝাৰখণ্ড,ওড়িশা আৰু গুজৰাটকে ধৰি ১১ খন ৰাজ্যত উন্নত কৰিব যোগাযোগ ব্যৱস্থা ।
জানিব পৰা মতে,, এই বন্দে ভাৰত ৰে’লসমূহে নিজ নিজ পথত সৰ্বাধিক দ্ৰুতগতিত চলাব, যাৰ ফলত যাত্ৰীসকলৰ যাত্ৰাৰ সময় বহু পৰিমাণে হ্ৰাস পাব ।
এক বিবৃতিটোত উল্লেখ কৰা অনুসৰি, ৰুড়কেলা-ভুৱনেশ্বৰ–পুৰী বন্দে ভাৰত এক্সপ্ৰেছ আৰু কাছাৰগোড়-তিৰুৱনন্তপুৰম বন্দে ভাৰত এক্সপ্ৰেছ নিজৰ পথত বৰ্তমানৰ দ্ৰুততম ৰে’লতকৈ প্ৰায় ৩ ঘণ্টা অধিক দ্ৰুত হ’ব ।
একেদৰে হায়দৰাবাদ–বেংগালুৰু বন্দে ভাৰত এক্সপ্ৰেছত যাত্ৰীৰ ২. ৫ ঘণ্টাৰো অধিক সময় ৰাহি হ’ব আৰু তিৰুনেলভেলী-মাদুৰাই-চেন্নাই বন্দে ভাৰত এক্সপ্ৰেছে যাত্ৰাৰ সময় ২ ঘণ্টাৰো অধিক হ্ৰাস কৰিব ।