Local, Vocal, Global

Airport in Arunachal Pradesh : আজি উদ্বোধন কৰা হ’ব অৰুণাচল প্ৰদেশৰ নৱনিৰ্মিত তেজু বিমানবন্দৰ

নেশ্যনেল ডেস্ক, ২৪ ছেপ্টেম্বৰ : অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই দেওবাৰে অৰুণাচল প্ৰদেশৰ লোহিত জিলাত নতুনকৈ নিৰ্মাণ কৰা তেজু বিমানবন্দৰ উদ্বোধন কৰিব(Jyotiraditya Scindia Arunachal Pradesh CM to inaugurate upgraded Tezu Airport today)।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এক্স (পূৰ্বৰ টুইটাৰ)ৰ যোগে কয়, “টেজু বিমানবন্দৰত এটা নতুন টাৰ্মিনেল বিল্ডিং ২০২৩ চনৰ ২৪ ছেপ্টেম্বৰত উদ্বোধনৰ কৰা হ’ব। বৰ্তমান এই ঘৰুৱা বিমানবন্দৰটোৱে একক ৰাণৱে সেৱা আৰু ২১২ একৰ মাটিকালি সামৰি লৈছে(Airport in Arunachal Pradesh)।”

‘উন্নীতকৃত বিমানবন্দৰটোত এতিয়া ATR 72 টাইপৰ বিমানৰ বাবে ডিজাইন কৰা দুটা এপ্ৰ’ন, ১৫০০ মিটাৰ x ৩০ মিটাৰলৈকে সম্প্ৰসাৰিত ৰাণৱে, ভ্ৰমণকাৰীৰ বাবে অনুকূল টাৰ্মিনেল, আৰু ৭৫ মিটাৰ বহল ৰাণৱে ষ্ট্ৰিপৰ সৈতে এটা ফায়াৰ ষ্টেচন কম এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল টাৱাৰ অন্তৰ্ভুক্ত কৰা হৈছে।’

এই প্ৰচেষ্টাই ভাৰতৰ উত্তৰ-পূব অঞ্চলত সংযোগ সম্প্ৰসাৰণ আৰু স্থানীয় অৰ্থনীতিক শক্তিশালী কৰাৰ এক পদক্ষেপ বুলি অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে পূৰ্বে এক বিবৃতিত প্ৰকাশ কৰিছে।

বিবৃতি অনুসৰি তেজু চহৰত অৱস্থিত আভ্যন্তৰীণ বিমানবন্দৰটো ১৭০ কোটি টকাৰ ব্যয়সাপেক্ষে নৱনিৰ্মিত কৰা হৈছে(Jyotiraditya Scindia and Arunachal Pradesh) ।

এই উন্নয়নসমূহৰ ভিতৰত আছে ৰাণৱে ১৫০০ মিটাৰ বাই ৩০ মিটাৰলৈ সম্প্ৰসাৰণ, দুখন এ টি আৰ ৭২ ধৰণৰ বিমান ৰখাব পৰা আধুনিক এপ্ৰ’ন নিৰ্মাণ, নতুন টাৰ্মিনেল বিল্ডিং স্থাপন, আৰু এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লৰ সৈতে অগ্নিনিৰ্বাপক বাহিনীৰ ষ্টেচন ( এ টি চি) টাৱাৰ।

২০১৮ চনত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ আৰ চি এছ ইউ ডি এন আঁচনিৰ অধীনত কাৰ্যকৰী হোৱা তেজু বিমানবন্দৰে এলায়েন্স এয়াৰ আৰু ফ্লাইবিগ এয়াৰলাইন্সৰ জৰিয়তে ডিব্ৰুগড়, ইম্ফল, আৰু গুৱাহাটীলৈ নিয়মীয়াকৈ নিৰ্ধাৰিত বিমান সেৱা আগবঢ়াই আঞ্চলিক সংযোগ বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

লোহিত নদীৰ চিত্ৰময় পাৰত অৱস্থিত আৰু অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ মুখ্য কাৰ্যালয় হিচাপে কাম কৰা তেজু প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত । উন্নত বিমানবন্দৰটো মুকলি হোৱাৰ পিছতে বিনন্দীয়া প্ৰকৃতি আৰু পাহাৰে আগুৰি থকা এই সৰু চহৰখনে পৰ্যটকক তেজুলৈ আহিবলৈ সুবিধা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে । তেজু বিমানবন্দৰত নতুন আন্তঃগাঁথনিৰ উদ্বোধনে ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সংযোগ বৃদ্ধি আৰু অৰ্থনৈতিক বিকাশক উদ্বুদ্ধ কৰিব বুলি মন্ত্ৰণালয়ৰ বিবৃতিত কোৱা হৈছে ।

লগতে পঢ়ক :Vande Bharat Express Launch : আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব ৯ খনকৈ বন্দে ভাৰত ৰে’ল